
টীম ইণ্ডিয়াৰ অনুৰাগীক এইজন খেলুৱৈয়ে দিলে মোক্ষম আঘাত ! হঠাতে কৰিলে অৱসৰৰ ঘোষণা
টীম ইণ্ডিয়াৰ পৰৱৰ্তী অভিযান হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা। এই শৃংখলা আৰম্ভ হোৱাৰ আগতে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে। টীম ইণ্ডিয়াৰ এজন খেলুৱৈয়ে হঠাতে অৱসৰ ঘোষণা কৰিছে।
এই খেলুৱৈজনে ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ জয় কৰাত এক মহান ভূমিকা পালন কৰিছিল। অৱশ্যে এই খেলুৱৈজন এই বিশ্বকাপৰ পিছৰ পৰা টীম ইণ্ডিয়াৰ অংশ হোৱা নাছিল।
যেতিয়াই ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ কথা উল্লেখ কৰা হয় যোগিন্দৰ শৰ্মাৰ নাম ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ মনত সতেজ হৈ পৰে। যোগিন্দৰ শৰ্মাই অন্তিম খন খেলত পাকিস্তানৰ বিৰুদ্ধে অন্তিম অভাৰ কৰি টীম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰি তুলিছিল।
যোগিন্দৰ শৰ্মাই এতিয়া সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ এই তথ্য সামাজিক মাধ্যমত অনুৰাগীসকলক দিছে। ৩৯ বছৰীয়া যোগিন্দৰ শৰ্মাই তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত টীম ইণ্ডিয়াৰ হৈ মুঠ ৪খন টি-২০ আৰু ৪খন এদিনীয়া খেলিছে।
ইয়াৰ উপৰিও যোগিন্দৰ শৰ্মাই ১৬ খন আই পি এল মেচ খেলিছিল। তেওঁ চেন্নাই চুপাৰ কিংছ দলৰ অংশ আছিল।