JNU হিংসাত্মক ঘটনাক লৈ ছোনিয়া গান্ধী- গুণ্ডাক উচতাই মোদী চৰকাৰে

উল্লেখ্য যে দেওবাৰে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলক নৃশংসভাৱে মাৰপিট কৰা হৈছিল

0
43
ফাইল ফটো

জৱাহৰলাল নেহৰু বিশ্ববিদ্য়ালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত তীব্ৰ সমালোচনা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ। তেওঁ নৰেন্দ্ৰ মোদী চৰকাৰক পোনপটীয়াকৈ লক্ষ্য কৰি ক’লে যে ঘটনাটোক লৈ ন্যায়িক তদন্ত হ’ব লাগে। ‘প্ৰতিদিনে ভাৰতৰ যুৱ প্ৰজন্মৰ আৰু ছাত্ৰ সমাজৰ কণ্ঠ ৰুদ্ধ কৰা হয়। দেশৰ যুৱসকলক ভয়াৱহ তথা অপ্ৰত্যাশিতভাৱে হিংসা কৰা হৈছে আৰু এনেকুৱা কৰা গুণ্ডাবিলাকক মোদী চৰকাৰে উচতাইছে। এই হিংসা নিন্দাযোগ্য আৰু অগ্রাহ্য।’

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে লগতে ক’লে যে ‘সমগ্ৰ ভাৰতত একাডেমিক কেম্পাছ আৰু কলেজসমূহত বিজেপি চৰকাৰৰ পৰা সহযোগ পোৱাসকলে তথা আৰক্ষীয়ে দৈনন্দিনভাৱে কৰি আছে আক্ৰমণ। আমি ইয়াৰ তীব্ৰ নিন্দা কৰিছো আৰু এই সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনাইছো। JNUত ছাত্ৰ তথা শিক্ষকসকলৰ ওপৰত চলোৱা আক্ৰমণে ইয়াৰ প্ৰমাণ যে এইখন চৰকাৰে বিৰোধিতা কৰা প্ৰতিটো কণ্ঠক ৰুদ্ধ কৰিবলৈ যি ইচ্ছা তাকে কৰিব পাৰে। কংগ্ৰেছ দেশৰ যুৱ প্ৰজন্ম আৰু ছাত্ৰসকলৰ সৈতে থিয় হৈ আছে।

উল্লেখ্য যে দেওবাৰে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলক নৃশংসভাৱে মাৰপিট কৰা হৈছিল। ৫০ জনতকৈও অধিক মুখাধাৰী লোকে আক্ৰমণ চলাইছিল। আক্ৰমণকাৰসকলে হাতে হাতে লৈ আহিছিল ৰড, লাঠি আৰু চোকা অস্ত্ৰ।

Photo credit: m.economictimes.com