‘JNUৰ যোগী’ক যৌন শোষণৰ অপৰাধত গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

ৰাঘৱেন্দ্ৰ মিশ্ৰৰ সম্পূৰ্ণ 'গেটআপ' উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দৰে অবিকল

0
61

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক যৌন শোষণৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। বিশ্ববিদ্যালয়ৰে এগৰাকী ছাত্ৰীয়ে ৰাঘৱেন্দ্ৰ মিশ্ৰ নামৰ ছাত্ৰগৰাকীয়ে তেওঁক যৌন শোষণ কৰা বুলি গোচৰ দিয়ে দিল্লী আৰক্ষীক। ছাত্ৰীগৰাকীৰ গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাঘৱেন্দ্ৰ মিশ্ৰক। ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি ৰাঘৱেন্দ্ৰই তেওঁক কিবা কাম থকা বুলি কৈ কোঠালৈ মাতি পঠিয়ায়। কিন্তু ৰাঘৱেন্দ্ৰই কোঠাটোত ছাত্ৰীগৰাকীক চলায় যৌন নিৰ্যাতন।

ছাত্ৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত আৱাসগৃহৰ নিৰাপত্তাৰক্ষী আৰু অন্য কোঠাৰ আৱাসীসকল গোট খাই তেওঁক উদ্ধাৰ কৰে। উল্লেখ্য যে ৰাঘৱেন্দ্ৰ মিশ্ৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ‘JNUৰ যোগী’ নামেৰে পৰিচিত। কাৰণ ছাত্ৰজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দৰেই সাজপাৰ পৰিধান কৰে।

ৰাঘৱেন্দ্ৰ মিশ্ৰৰ সম্পূৰ্ণ ‘গেটআপ’ যোগী আদিত্যনাথৰ দৰে অবিকল। কামে কাজেও যোগী আদিত্যনাথক অণুসৰণ আৰু অণুকৰণ কৰা বাবেই ৰাঘৱেন্দ্ৰ মিশ্ৰক সকলোৱে মাতে ‘JNUৰ যোগী’ নামেৰে। ছাত্ৰজনক গ্ৰেপ্তাৰ কৰাক লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত চাঞ্চল্য বিৰাজমান।