
সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। নৰৱাল এলেকাত সংঘটিত দুটাকৈ বিস্ফোৰণত জড়িত এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীজনৰ পৰা উদ্ধাৰ কৰিছে এটা পাৰফিউম আইইডি। প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষীয়ে পাৰফিউম আইইডি উদ্ধাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই আইইডিটো ইমানেই শক্তিশালী যে ইয়াক খুলিবলৈ বা টিপিবলৈ চেষ্টা কৰিলেই বিস্ফোৰণ ঘটে।
গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজনক আৰিফ বুলি চিনাক্ত কৰিছে। তেওঁ বিগত তিনিবছৰ ধৰি পাকিস্তানৰ উগ্ৰপন্থী সংগঠন লস্কৰৰ হৈ কাম কৰি আহিছিল।
জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে জনোৱা অনুসৰি, ২১ জানুৱাৰিত জম্মুৰ নাৰৱালত ২টা আইইডি বিস্ফোৰণ সংঘটিত হৈছিল। এই ঘটনাৰ সৈতে জড়িত আৰিফ নামৰ এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
যোৱা ৩ বছৰ ধৰি তেওঁ লস্কৰৰ সৈতে জড়িত আছিল। ধৃত উগ্ৰপন্থীগৰাকীয়ে জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও বিস্ফোৰণ কাণ্ডত জড়িত আছিল বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিব দিয়ে।