জিগনেশ মেৱানীৰ জামিন নাকচ, তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

0
271
জিগনেশ মেৱানীৰ জামিন নাকচ, তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ
ফটো সৌজন্য- ইণ্টাৰনেট

কোকৰাঝাৰ মুখ্য ন্যায়িক আদালতে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন নাকচ কৰে।

আদালতে মেৱানীৰ জামিন আবেদন নাকচ কৰি তিনি দিনৰ বাবে বিধায়ক গৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক হিটলাৰৰ ভক্ত হিচাপে উল্লেখ কৰি মন্তব্য কৰা মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত বুধবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পালনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিধায়ক মেৱানীক।

অনুপ কুমাৰ ডে নামৰ এজন লোকে কোকৰাঝাৰ আৰক্ষী থানাত জিগনেশ মেৱানীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

জিগনেশ মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৫০৪, ৫০৬, ১২০(খ), ১৫৩(ক),২৯৫(ক) কে ধৰি আন কেইবাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে।

ইপিনে, জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ পাছতে একাংশ সমৰ্থকে কোকৰাঝাৰত মেৱানীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আৰু পঢ়ক : কাশ্মীৰত চিআইএছএফ জোৱান কঢ়িয়াই নিয়া বাছৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, এজন জোৱান শ্বহীদ