29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বোকাখাতত মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাবলৈ ৰাইজৰ দলত যোগদান জীৱন চন্দ্ৰ বৰাৰ

    অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদ্য প্ৰাক্তন সভাপতি জীৱন চন্দ্ৰ বৰাই আজি ৰাইজৰ দলত যোগদান কৰে।

    সৰ্বভাৰতীয় পৰ্যায়ৰ ৭ টাকৈ পদবী এৰি চাকৰী জীৱনৰ পৰাও স্বেচ্ছাই অৱসৰ লোৱা জীৱন চন্দ্ৰ বৰাই বোকাখাত সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷

    ইতিমধ্যে ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ পাছত জীৱন বৰাই বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা কৰাৰ লগতে দলটোৰ গোলাঘাট জিলা সমিতিয়ে অহা নিৰ্বাচনত অতুল বৰাৰ লগতেই প্ৰতিদ্বন্দ্বিতা হ’ব বুলি উল্লেখ কৰে।

    ইয়াৰ উপৰি ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত অতুল বৰাই দিয়া ৪৫ টা প্ৰতিশ্ৰুতিৰ এটাও পালন নকৰাৰ অভিযোগ ৰাইজৰ দলৰ৷

    উল্লেখ্য যে কেন্দ্ৰীয় ভাৱে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা হৈছে যদিও তৃণমূল পৰ্যায়ত মিত্ৰতা এতিয়াও হোৱা নাই।

    সন্মুখত নিৰ্বাচন যদিও আজিও আসন বুজাবুজি কৰিব পৰা নাই দল দুটাই৷ সমান্তৰালভাৱে দুয়োটা দলে নিজাকৈ সমষ্টিত প্ৰচাৰ চলাই আছে৷

    অসম জাতীয় পৰিষদৰ পৰা বোকাখাত সমষ্টিত ৰেবকান্ত গগৈ, দীপক হাজৰিকাই প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ লগতে নিজাকৈ ব্যাপক প্ৰচাৰ চলাই আছে৷

    যদিহে দুয়োটা দলৰ মাজত প্ৰকৃত মিত্ৰতা হয় তেন্তে বোকাখাতত অতুল বৰাই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷

    ইনপুট এণ্ড ফটো ক্ৰেডিট : পপী শইকীয়া

    আৰু পঢ়ক :  নিৰ্মম অত্যাচাৰৰ বলি এগৰাকী তামোলৰ ব্যৱসায়ী!দোষীক শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং