বিদায় ঝুলন- অৱসান ঘটিল মহিলা ক্ৰিকেটৰ এটা যুগৰ, ২০ বছৰ দিলে ভাৰতীয় ক্ৰিকেটক

0
3586

বিদায় ঝুলন- অৱসান ঘটিল মহিলা ক্ৰিকেটৰ এটা যুগৰ, ২০ বছৰ দিলে ভাৰতীয় ক্ৰিকেটক।

কালি ইংলেণ্ডৰ ঐতিহাসিক লৰ্ডছ খেলপথাৰত ক্ৰিকেটাৰ সকলৰ মাজত কান্দোনৰ ৰোল। কিয়নো সকলোৰে প্ৰিয় ঝুলনৰ সেয়া আছিল অন্তিম খন খেল।

হয়, বিদায় ল’লে ঝুলনে। ভাৰতীয় মহিলা ক্ৰিকেটক বিশ্বৰ দৰবাৰত উজলাই তোলা, নিজৰ বলেৰে বিৰোধী পক্ষক চাপত ৰখা ঝুলনে অসৱৰ ল’লে ক্ৰিকেটৰ পৰা।

কালিৰ অন্তিম খেলত কেৱল ভাৰতীয়ই নহয়, ইংলেণ্ডৰ খেলুৱৈৰ লগতে ষ্টেডিয়ামত উপস্থিত থকা সকলো অনুৰাগীয়ে থিয় হৈ গাৰ্ড অৱ অনাৰ যাচে ঝুলনলৈ। তাতেই হুক হুকাই কান্দি উঠে ঝুলন।

জীৱনৰ ২০ বছৰ ২৬১ দিন ভাৰতীয় ক্ৰিকেটক দিয়া ঝুলন গোস্বামীয়ে জীৱনত ১০ হাজাৰৰো অধিক বল দিছে। আৰম্ভণি হৈছিল ২০০২ চনত।

সেয়া আছিল ২০০২ চনৰ ৬ জানুৱাৰী তাৰিখ। ১৯ বছৰীয়া ছোৱালীগৰাকীয়ে সেই দিনা খেলপথাৰত ভৰি দি বিশ্ব বাসীক দেখুৱাইছিল ভাৰতীয় পুৰুষ সকলেই নহয়, মহিলা সকলো সমানে পাৰ্গত ক্ৰিকেটত।

দ্ৰুত বলাৰ হিচাপে ক্ৰিকেট জগতত শীৰ্ষ বাছনিৰ ঝুলনে ক্ৰিকেটৰ পথাৰত বহু ৰেকৰ্ডৰ গৰাকী হয়। কিছুমান এনে ৰেকৰ্ডো আছে ঝুলনৰ নামত, যি হয়তো ভঙা সহজ সাধ্য নহব।

মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সকলোতকৈ অধিক উইকেট দখল কৰাৰ ৰেকৰ্ড ঝুলনৰ নামত। ঝুলনে ২৮৪ খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক ৩৫৫ উইকেট দখল কৰিছে।

এদিনীয়া বিশ্বকাপতো সৰ্বাধিক উইকেট দখল কৰাৰ ৰেকৰ্ডৰ অধিকাৰী ঝুলন। তাৰোপৰি এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো সকলোতকৈ অধিক অভাৰ বল দিয়া মহিলাও ঝুলন। মুঠ ২২৭৮.২ অভাৰ বলিং কৰিছে ঝুলন গোস্বামীয়ে।