18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গোৱাৰ সাগৰৰ পাৰত জেলীফিছৰ তাণ্ডৱ; ২ দিনত ৯০জন লোক চিকাৰ

    জেলীফিছ দুই প্ৰকাৰৰ। সামান্য আৰু বিষাক্ত। প্ৰায়ভাগ জেলীফিছে মানুহক কেতিয়াও কোনোধৰণৰ ক্ষতি নকৰে। কেৱল সাধাৰণ জ্বলন হয়, কিন্তু বহু কম সংখ্যক লোকৰহে ক্ষতি হয়

    গোৱা সমুদ্ৰৰ পাৰৰ সুন্দৰতাৰ বাবে সদায়ে বিখ্যাত। সেই সুন্দৰতাৰ উপভোগ কৰিবলৈ বহু লোক আহে, কিন্তু তাত এতিয়া এই সুন্দৰতাৰ ওপৰত পৰিছে ক’লা ছায়া।

    গোৱাৰ সাগৰৰ পাৰত এতিয়া বিষাক্ত জেলীফিছৰ তাণ্ডৱ বৃদ্ধি হৈ গৈছে। বিগত কেইবাদিনো ধৰি ৯০জন লোকক জেলীফিছে কামোৰে।

    জেলীফিছৰ সংস্পৰ্শত অহা এই লোকসকলক চিকিত্সাৰ প্ৰয়োজন হৈছে।

    এই বিষাক্ত মাছৰ ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

    দৰাচলতে বিগত দুদিনত গোৱাৰ বাগা-কলংয়ুট সাগৰৰ পাৰত জেলীফিছৰ চিকাৰ হোৱাৰ ৫৫টাতকৈ অধিক ঘটনা পোহৰলৈ আহিছে।

    আনহাতে কেণ্ডলিম সাগৰৰ পাৰত এই বিষাক্ত মাছে ১০জন লোকক কামুৰিছে।

    দক্ষিণ গোৱাটো ২৫টাতকৈ অধিক ঘটনা পোহৰলৈ আহিছে। ইয়াৰে বিষাক্ত জেলীফিছৰ চিকাৰ হোৱা লোকক প্ৰাথমিক চিকিত্সাৰ প্ৰয়োজন হয়।

    জেলীফিছৰ সংস্পৰ্শত আহিলে শৰীৰত বিষ হয় আৰু যিটো দেহৰ অংগত স্পৰ্শ কৰে সেই অংগটো শূণ্য হৈ যায়।

    ইয়াৰোপৰি এনেধৰণৰ ঘটনাত জেলীফিছৰ স্পৰ্শত অহাৰ বাবে কলা হোৱাৰ অভিযোগো উত্থাপন হৈছে।

    হিন্দুস্তান টাইমছৰ এটা ৰিপৰ্ট অনুসৰি, বাগা সাগৰৰ পাৰত হোৱা এই ঘটনাৰ পিছত তত্কালীনভাৱে এম্বুলেঞ্চ মতা হয়।

    অক্সিজেন লগোৱাৰ পিছত এই লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

    আনহাতে, এই ঘটনাটোত জেলীফিছে কামোৰাৰ ফলত এজন লোকৰ বুকুত বিষ হয় আৰু তেওঁ উশাহ লোৱাত কষ্ট পায়।

    জেলীফিছ দুই প্ৰকাৰৰ। সামান্য আৰু বিষাক্ত। প্ৰায়ভাগ জেলীফিছে মানুহক কেতিয়াও কোনোধৰণৰ ক্ষতি নকৰে। কেৱল সাধাৰণ জ্বলন হয়, কিন্তু বহু কম সংখ্যক লোকৰহে ক্ষতি হয়।

    Photo Credit: Aaj Tak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং