
”আন্দোলন নহ’লে তেওঁলোকৰ দোকানবোৰ নচলে” এজেপিয়ে কা-আন্দোলন ঘোষণা কৰাকলৈ বিজেপিৰ কটাক্ষ
“আন্দোলন নহ’লে তেওঁলোকৰ দোকানবোৰ নচলে” চান্দাও নুঠে এই মন্তব্য বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। পুনৰ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ কৰিব AJPয়ে। ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ‘কা’ বিৰোধী আন্দোলন। আন্দোলনৰ দিন ঘোষণা কৰিলে লুৰীণজ্যোতি গগৈয়ে। সকলো দল-সংগঠনৰ আন্দোলনত চামিল হ’বলৈ আহ্বান লুৰীণজ্যোতি গগৈৰ আহ্বানৰ পিছতেই কা আন্দোলনকাৰীক কটাক্ষ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।
মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কা আন্দোলন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে একাংশ তথাকথিত নেতাৰ চাণ্ডাৰ দোকানখন বন্ধ হোৱাৰ বাবে এতিয়া আন্দোলন কৰিবলৈ গা পিৰপিৰাই আছে।
চাণ্ডাৰ ধাণ্ডাৰ বাবেহে একাংশই আন্দোলন কৰে বুলিও তীৰ্যক মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। একেদৰে একাংশ লক্ষ্যভ্ৰষ্ট নেতাই ৰাজনৈতিক উচ্চাকাঙ্ক্ষা পুৰণ কৰিবলৈ আন্দোলন কৰে বুলিও মন্তব্য কৰে ।
ইনপুট: হিৰক ডেকা।
আৰু পঢ়ক : ভাল খবৰ! অতিশীঘ্ৰেই নলবাৰীত মুকলি হ’ব চিকিৎসা মহাবিদ্যালয়