‘মানস ৰবীনকে নহয়,’কা’ আন্দোলনকাৰীসকলক এতিয়া ৰাইজে খেদিব’-নলবাৰীত ‘কা’ আন্দোলনকাৰীক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

'কা' আন্দোলনকাৰীসকলৰ স্বৰূপ এতিয়া ৰাইজে বুজি উঠিছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে 'কা' আন্দোলনকাৰীসকলে সকলো কৰিব পাৰে

0
93

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা দীৰ্ঘদিনীয়া। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ প্ৰকাশ্যে কথাবোৰ পোহৰলৈ আহিল। কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই অসমত ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। নিশা নলবাৰী নাট্যমন্দিৰত চলি থকা অসম নাট্য সন্মিলনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। ডিমৌত শিল্পী মানস ৰবীনক বিজেপিৰ যুৱ মৰ্চাৰ নেতা কৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয়-মানস ৰবীনকে নহয়, ‘কা’ আন্দোলনকাৰীসকলক এতিয়া ৰাইজে খেদিব।

‘কা’ আন্দোলনকাৰীসকলৰ স্বৰূপ এতিয়া ৰাইজে বুজি উঠিছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ‘কা’ আন্দোলনকাৰীসকলে সকলো কৰিব পাৰে বুলি পৰ্যতন নিগমৰ অধ্যক্ষ বৰুৱাই মত ব্যক্ত কৰে। ইফালে ‘কা’ আন্দোলনৰ জৰিয়তে ৰাজনৈতিক উদ্দেশ্যে যে পুতি ৰাখিছিল সেই কথাও ব্যক্ত কৰে বৰুৱাই।

অন্যহাতে ৰাজদ্বীপ গোৱালাক বিজেপি দললৈ আদৰি আনিব বুলি মত ব্যক্ত কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে আৰু বহু কেইজন বিধায়কে বিজেপি দললৈ অহাৰ আগ্ৰহ প্ৰকাশ কৰিছে সেইসকলক গ্ৰহণ কৰাৰ চিন্তা-চৰ্চা বিজেপিয়ে কৰা নাই বুলি কয়। অন্যহাতে সনাতনী সংস্কৃতি বিশ্বাস কৰা কোনো লোকে কংগ্ৰেছত নাথাকে বুলিও বৰুৱাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।