29 C
Guwahati
Friday, April 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰোড শ্বোৰ সময়তে অঘটন, ছেল্ফী লৈ থকা লোকক খঙতে গতিয়াই দিলে জয়া বচ্চনে

    ৰোড শ্বোৰ সময়তে অঘটন, ছেল্ফী লৈ থকা লোকক খঙতে গতিয়াই দিলে জয়া বচ্চনে

    নিৰ্বাচনৰ সময়ত তাৰকা প্ৰচাৰক থকাটো এতিয়া সাধাৰণ কথা হৈ পৰিছে। অসমত অৱশ্যে ইতিমধ্যে সমাপ্ত হৈছে ভোটদান। পিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কেৱল ৩ টা পৰ্য্যায়ৰ ভোটদানহে সমাপ্ত হৈছে।

    সেয়ে নিৰ্বাচনী প্ৰচাৰ এতিয়াও অব্যাহত আছে ৰাজ্য খনত। বিজেপিয়ে মিথুন চক্ৰৱৰ্তীক তাৰকা প্ৰচাৰক হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে পিছ পৰি থকা নাই মমতা বেনাৰ্জীয়ো। ৰাজ্য খনত তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জীৰ হৈ এইবাৰ প্ৰচাৰৰ বাবে আনিছে অভিনেত্ৰী তথা সাংসদ জয়া বচ্চনক।

    পিছে আজি মমতা বেনাৰ্জীৰ হৈ ভোট বিচাৰি প্ৰচাৰত নামোতেই অঘটন। ৰোড শ্বোৰ সময়ত দলীয় কৰ্মকৰ্তাকেই গতিয়াই দিয়ে জয়া বচ্চনে। প্ৰচাৰৰ সময়ত অন্য লোকেই কেৱল নহয়, দলৰেই কৰ্মকৰ্তা সকলে ছেল্ফী লবলৈ হেতাওপৰা লগায়।

    হাওৰাত ৰোড শ্বোৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত কিছু অস্বস্তি বোধ কৰে জয়া বচ্চনে। শেষত উপায় বিহীন হৈ কৰ্মকৰ্তাক গতিয়াই দিয়ে বচ্চনে। এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হয় আৰু মূহুৰ্ততে ভাইৰেল হৈ পৰে।

    আৰু পঢ়ক : মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠক, ‘বৰ্তমানে নৈশ সান্ধ্য আইনে যথেষ্ট, সম্পূৰ্ণ লকডাউন এতিয়া নহয়’-মোদী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং