ৰত্নাকৰত ৰাহি হোৱা ধনেৰে আন এখন ছবি নিৰ্মাণ কৰিমঃ যতীন বৰা

ফেচবুক আৰু ইউটিউবত ৰত্নাকৰৰ দৃশ্যাংশ আপলোড কৰাসকলে শাস্তি পাবই, সেইসকলক ৰেহাই দিয়া নহ'ব, লখিমপুৰত মন্তব্য অভিনেতা যতীন বৰাৰ

0
3905

ব্লকবাষ্টাৰ ৰত্নাকৰক লৈ ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ পিছত পুনৰ ছবি নিৰ্মাণ কৰিব বুলি মন্তব্য কৰিলে যতীন বৰাই। ৰত্নাকৰত ৰাহি হোৱা ধনেৰে আন এখন ছবি নিৰ্মাণ কৰিব বুলি সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে।

অচিৰেই ছবিখনৰ নাম ঘোষণা কৰিব বুলিও কয় যতীন বৰাই। ‘অসমীয়া ছবিৰ ওচৰত হিন্দী ছবিয়ে হাৰ মানিবলৈ বাধ্য হৈছে, ৰত্নাকৰে এটাৰ পিছত আনটো অভিলেখ ভংগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই মন্তব্য কৰিলে অভিনেতা বৰাই।

পাইৰেচী সন্দৰ্ভত যতীন বৰাৰ মন্তব্য

এটা সময়ত পাইৰেচীয়ে অসমীয়া চিনেমাক ধ্বংস কৰিছিল, পুনৰ অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিছে, অসমীয়া ছবিজগতৰ ক্ষতি হোৱা কাম যদি কোনোবাই কৰে সেইজনক কেতিয়াও ক্ষমা কৰা নহ’ব।’- পাইৰেচিক লৈ যতীন বৰাৰ ক্ষোভপ্ৰকাশ। ফেচবুক আৰু ইউটিউবত ৰত্নাকৰৰ দৃশ্যাংশ আপলোড কৰাসকলে শাস্তি পাবই, সেইসকলক ৰেহাই দিয়া নহ’ব, লখিমপুৰত মন্তব্য অভিনেতা যতীন বৰাৰ ৷

অসমীয়া ছবিৰ উত্তৰণ সন্দৰ্ভত মন্তব্য অভিনেতাগৰাকীৰ