টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বেগী বলাৰ জশপ্ৰীত বুমৰাহ; চিন্তিত মেনেজমেণ্ট

0
141

ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত দুখজনক খবৰ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰমুখ বেগী বলাৰ জশপ্ৰীত বুমৰাহ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল।

বি চি চি আইৰ সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ সংস্থাই এই কথা প্ৰকাশ কৰিছে।

পিঠিৰ আঘাতৰ বাবে বিশ্বকাপ খেলিব নোৱাৰিব দ্ৰুত বলাৰ জশপ্ৰীত বুমৰাহে। ক্ৰিকেটাৰগৰাকী সম্পূৰ্ণ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে। তেওঁক সুস্থ হ’বলৈ প্ৰায় ৪ৰ পৰা ৬ মাহ সময় লাগিব।

ভাৰতীয় ক্ৰিকেট দলৰ বাবে এইটো দ্বিতীয়টো মোক্ষম আঘাত। ইতিমধ্যে আঘাতৰ বাবে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাও অষ্ট্ৰেলিয়াত হ’বলগীয়া বিশ্বকাপত অংশ ল’ব নোৱাৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ পূৰ্বে অনুশীলনৰ সময়ত আঘাত পাইছিল বুমৰাহে।

উল্লেখ্য যে, একেই সমস্যাৰ বাবে বুমৰাহে এছিয়া কাপতো অংশ ল’ব পৰা নাছিল। দীৰ্ঘদিনৰ মূৰত তেওঁ শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা টি-২০ শৃংখলাৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিছিল।

কিন্তু মাত্ৰ কেইটামান দিনৰ পিছতে পুনৰ একেই সমস্যাৰ সন্মুখীন হোৱাত তেওঁ এতিয়া প্ৰায় ছমাহ ক্ৰিকেট ফিল্ডৰ পৰা আঁতৰি থাকিব লাগিব।

অক্টোবৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পৰা বুমৰাহ বাহিৰ হোৱাত ভাৰতীয় বলিং লাইনআপ যথেষ্ট দুৰ্বল হৈ পৰিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।

২৮ বছৰীয়া বুমৰাহৰ ঠাইত নিৰ্বাচকে এতিয়া মহম্মদ ছামী নাইবা দীপক চাহাৰক দলত স্থান দিব লাগিব।