আজিও দেশৰ বাবে তেজ দিব লাগিলে মাদ্ৰাছাত পঢ়া সকলে আগতে দিব, বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য

0
631

মাদ্ৰাছা শব্দটো বিলুপ্ত হ’ব লাগে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভতি ধৰিছে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে৷

ৰফিকুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ক্ষমতা আছে কাৰণেই দাদাগিৰি কৰি চৰকাৰী মাদ্ৰাছা বন্ধ কৰাব পাৰিছে বুলি সমালোচনা কৰে৷

মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰী মাদ্ৰাছা বন্ধ কৰিলেও কিন্তু বেচৰকাৰী মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে বুলি বিধায়ক গৰাকীয়ে মত প্ৰকাশ কৰে৷

“এটা সময়ত বৃটিছেও মাদ্ৰাছা বন্ধ কৰিব পৰা নাছিল৷ বৃটিছৰ বিৰুদ্ধে বেছিকৈ মাদ্ৰাছাৰ জন্মহে হৈছিল আৰু সেই মাদ্ৰাছাৰ পৰা স্বাধীনতা যুদ্ধৰ সেনানী ওলাইছিল৷ আজিও দেশৰ কাৰণে তেজ দিব লাগিলে মাদ্ৰাছাত পঢ়া সকলেই আগত দিব,” ৰফিকুল ইছলামে এইদৰে কয়।

আৰ এছ এছক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা বক্তব্যক অন্যান্য ৰাজ্যৰ বৌদ্ধিক মহলেও নিন্দা কৰিছে বুলি ইছলামে লগতে উল্লেখ কৰে।

আনহাতে, মাদ্ৰাছাত পঢ়িলে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মাৰ এটা ভুল ধাৰণা বুলিও দোহাৰে জনীয়াৰ বিধায়ক গৰাকীয়ে।