গৌৰৱান্বিত! বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক নিশ্চিত অসমৰ যমুনা বড়োৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা এম চি মেৰিকমৰ লগতে মঞ্জু ৰানীও

0
1448

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত পদক নিশ্চিত কৰিলে অসমৰ সুসন্তান যমুনা বড়োৱে। এই পদক নিশ্চিতৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ বক্সাৰগৰাকীয়ে। জাৰ্মানীৰ উৰছুলা গটলব ৪-১ৰ ব্যৱধানত পৰাভূত হয় যমুনা বড়োৰ হাতত।

আনহাতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা এম চি মেৰিকমৰ লগতে মঞ্জু ৰানীও। এম চি মেৰিকমে কলম্বিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাভূত কৰাৰ বিপৰীতে হাৰিয়ানাৰ বক্সাৰ মঞ্জু ৰানীয়ে পৰাস্ত কৰে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক।

Photo Credit : thehindu.com