29 C
Guwahati
Wednesday, September 28, 2022
More

    হিন্দী ছবিৰ দৰেই লুটি নিলে বেংক ! চিবিআইৰ লোক বুলি পৰিচয় দিছিল ডকাইতে

    হিন্দী ছবিৰ দৰেই লুটি নিলে বেংক ! চিবিআইৰ লোক বুলি পৰিচয় দিছিল ডকাইতে

    জামছেদপুৰৰ মানগৌ স্থিত বেংক অৱ ইণ্ডিয়াৰ এটা বেংকত ডকাইতিৰ ঘটনা সংঘটিত হয়। চাৰিজন মুখাপিন্ধা দুৰ্বৃত্তই কৰ্মচাৰীসকলক পিষ্টল দেখুৱাই বন্দী কৰি ৰাখিছিল আৰু বেংকৰ পৰা ৩৫ লাখ টকা লুটি লৈ যায়।

    ঘটনাটোৰ সন্দৰ্ভত বেংকৰ ভিতৰত বন্দী হৈ থকা গ্ৰাহকসকলে কয় যে বৃহস্পতিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত চাৰিজন লোকে বেংকটোত প্ৰৱেশ কৰি নিজকে চিবিআইৰ লোক বুলি চিনাকি দিয়ে।

    চিবিআইয়ে বেংকটোত অভিযান চলাইছে বুলি কৈ বেংকটোৰ ভিতৰত থকা লোক সকলৰ পৰা তেওঁলোকৰ ম’বাইল সমূহ কাঢ়ি লয়।

    ঘটনাটোৰ সময়ত বেংকৰ ভিতৰত প্ৰায় ১২ জন মান মানুহ আছিলে। ঘটনাটোৰ সময়ত ডকাইট ৪ জনে মুখত মাক্স পিন্ধি আহিছিল।

    চিবিআইৰ নামত ভুৱা অভিযান চলাই ডকাইট কেইটাই বেংকটোৰ পৰা ৩৫ লাখ টকা লুটি লৈ যায়। দুৰ্বৃত্তকেইটাই বেংকটোত থকা লোক সকলক প্ৰায় আধা ঘণ্টাৰ বাবে এটা ৰুমত বন্দি কৰি থৈছিল।

    এই সময়ছোৱাত ডকাইত কেইটাই পিষ্টল দেখুৱাই সকলোকে ভয় খুৱাইছিল। বেংকৰ পৰা ৩৫ লাখ টকা লুটি ওলাই যোৱাৰ সময়ত বাহিৰৰ পৰা গেটখন তলা মাৰি থৈ যায়।

    পিছত বেংকটোৰ খিৰিকিৰে ভিতৰত থকা লোকে ওচৰত থকা লোক সকলক মাতি বাহিৰলৈ ওলাবলৈ সক্ষম হয়। ঘটনাৰ খবৰ পোৱা লগে লগেই আৰক্ষীৰ লোক আহি উপস্থিত হয়।

    আৰক্ষীয়ে তদন্ত কৰিছে যদিও বৰ্তমান লৈকে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । ডকাইতি ঘটনাটোক লৈ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং