ভাৰতীয় ক্ৰিকেটাৰ জাডেজাৰ পত্নী ৰিভাবাৰ ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বৃহৎ জয়

0
2534

ভাৰতীয় ক্ৰিকেটাৰ জাডেজাৰ পত্নী ৰিভাবাৰ ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বৃহৎ জয়

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতন খেলুৱৈ ৰবীন্দ্ৰ জাদেজাৰ পত্নী তথা বিজেপি প্ৰাৰ্থী ৰিভাবা জাদেজাই গুজৰাটৰ জামনগৰ উত্তৰ বিধানসভা আসনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ বিপেন্দ্ৰসিংহ চতুৰ্সিংহ জাদেজাৰ বিৰুদ্ধে ৪০,৯৬৩ টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে।

বিজেপিয়ে জামনগৰ উত্তৰ বিধানসভা আসনত মুঠ ভোটৰ ৬৫.৫ শতাংশ লাভ কৰিছিল। সমষ্টিটোত মুঠ ২,৬৩,৪৮৩ গৰাকী ভোটাৰ আছে। ইয়াৰ ভিতৰত, ১৩৪,৭৬৫ গৰাকী পুৰুষ ভোটাৰ, আনহাতে ১২৮,৭১৭ গৰাকী মহিলা ভোটাৰ।

ৰিভাবা পূৰ্বে কৰ্ণী সেনাৰ সদস্য আছিল। তেওঁক ২০১৮ চনত কৰ্ণী সেনাৰ মহিলা শাখাৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। পূৰ্বৰ বিজেপি বিধায়ক ধৰ্মেন্দ্ৰসিংহ এম জাদেজাক এই আসনত টিকট নিদি বিজেপিয়ে ৰিভাবাক প্ৰাৰ্থিত্ব দিয়াত ধৰ্মেন্দ্ৰসিংহই বিডেপি ত্যাগ কৰিছিল। পাছে এতিয়া ৰিভাবা জাদেজাই এই আসনখন জিকি দলৰ সিদ্ধান্ত সঠিক প্ৰমাণ কৰে।

ৰিভাবা জাদেজাই ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰিভাবা আৰু ৰবীন্দ্ৰ জাদেজাৰ এখন ফটোও ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। বিজেপিত যোগদান কৰাৰ পিছৰে পৰা ৰিভাবা জাদেজা জামনগৰ উত্তৰ বিধানসভা সমষ্টিত নিৰন্তৰ সক্ৰিয় হৈ আছিল।

ৰিভাবা জাদেজাই জামনগৰ উত্তৰত মহিলাসকলৰ বাবে বহুতো কাম কৰিছে। ৰিভাবাই ৰাজকোটৰ আটমিয়া ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড মেডিকেল চাইন্সৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল। ১৯৯০ চনত ৰাজকোটত জন্মগ্ৰহণ কৰা ৰিভাবাৰ পিতৃ গুজৰাটৰ এজন ডাঙৰ ব্যৱসায়ী।