26 C
Guwahati
Thursday, September 16, 2021
More

    বানে ধুই গ’ল সপোনবোৰ! কালৰূপী বানৰ পাছত এতিয়া কেৱল কৃষকৰ দুস্বপ্ন

    বানে ধুই গ’ল সপোনবোৰ! কালৰূপী বানৰ পাছত এতিয়া কেৱল কৃষকৰ দুস্বপ্ন

    শেহতীয়াকৈ ভদীয়া বানে কালৰূপ ধাৰন কৰি আকৌ কঁকাল ভাঙি থৈ গ’ল জাঁজীমুখবাসীৰ। সপোনৰ পথাৰডৰা হৈ পৰিল মাথোঁ বালিৰ একো একোখন মৰিশালী সদৃশ ধবংসস্থূপ৷

    কিছুদিন পুৰ্বে শালি ধানৰ কঠিয়া ৰোৱা পথাৰখন পুতি পেলালে পলসে। চৰম হতাশাৰ মাজতে আকৌ শেহতীয়াকৈ জীৱন যুঁজৰ সংগ্ৰাম চলাইছে এইসকল লোকে। মৰুভূমি সদৃশ হেপাঁহৰ পথাৰখনত এনেদৰে দুগুণ উৎসাহত এটা এটাকৈ সপোনবোৰ যেন ৰোৱাৰ চেষ্টা কৰিছে এইসকল বানেগৰকা জাঁজীমুখৰ কৃষক৷

    বানে তচনচ কৰি যোৱা পথাৰকেইদৰা পুনৰ সেউজীয়া কৰাৰ আপ্ৰাণ চেষ্টা এঁওলোকৰ৷বাস্তৱ জীৱন যুঁজখনত কোনো আক্ষেপ নোহোৱাকৈ প্ৰতিবছৰে কৰি যায় প্ৰকৃতিৰ লগত সহযোগিতা৷

    এয়াই যেন জীয়াই থকাৰ সংগ্ৰাম। ইটোৰ পাছত সিটো দুৰ্যোগে কোঙা কৰি তোলা এইসকল দুৰ্ভগীয়াৰ ছবিখন কল্পনা কৰক আপুনি৷এইসকল খাটিখোৱা ৰ কাষত আজি খৱৰ লৱলৈ আহৰি নাই বিয়াগোম বিয়াগোম ৰাজ্যৰ বিভাগসমূহৰ..

    ইনপুট: শান্তি বৰা।

    আৰু পঢ়ক : দলগাঁৱত দেৱানীৰ অত্যাচাৰ! বিবস্ত্ৰ কৰি মহিলাক প্ৰহাৰ, শিশু দলিয়ালে পানীত পিছত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং