ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত আছাৰাম বাপু, মঙলবাৰে ঘোষণা কৰিব শাস্তি

0
99

গুজৰাটৰ আদালতে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত কৰিছে আছাৰাম বাপুক। মঙলবাৰে আদালতে ঘোষণা কৰিব আছাৰামৰ শাস্তি।

২০১৩ চনত এগৰাকী মহিলাই আছাৰাম বাপুৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। সত্ৰ ন্যায়াধীস আদালতৰ ন্যায়াধীশ ডি কে ছ’নীয়ে শাস্তি সন্দৰ্ভত মঙলবাৰৰ বাবে (৩১ জানুৱাৰি) নিজৰ আদেশ সংৰক্ষিত কৰি ৰাখে।

ইফালে আদালতে প্ৰমাণৰ অভাৱত আছাৰামৰ পত্নীকে ধৰি আন ছয়জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, আহমেদাবাদৰ চান্দখেড়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত আছাৰাম বাপুৱে মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি চহৰৰ বাহিৰৰ নিজৰ আশ্ৰমত আছাৰামে এই কুকাণ্ড ঘটনা সংঘটিত কৰিছে।

উল্লেখ্য যে, সম্প্ৰতি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত আন এটা ধৰ্ষণ কাণ্ডৰ শাস্তি ভোগ কৰি আছে আছাৰাম বাপুৱে।