24 C
Guwahati
Tuesday, September 27, 2022
More

    দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জগদীপ ধনখড়

    এন ডি এৰ প্ৰাৰ্থী তথা পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল জগদীপ ধনখড় হ’ব দেশৰ পৰৱৰ্তী ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি। শনিবাৰে ভোটদান সম্পন্ন হোৱাৰ পিছত সন্ধিয়া ৬ বজাত হোৱা গণনাৰ অন্তত তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।

    প্ৰাপ্ত তথ্য অনুসৰি জগদীপ ধনখড়ে ৫২৮টা আৰু বিৰোধীৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই ১৮২টা ভোট লাভ কৰে। আনহাতে ১৫টা ভোট অবৈধ বুলি বিবেচিত হৈছে।

    শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈকে চলিছিল।

    উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭২৫ জন সাংসদে ভোটদান কৰে। শনিবাৰে হোৱা ভোটদানত প্ৰায় ৯৩ শতাংশ সাংসদে ভোটদান কৰাৰ বিপৰীতে ৫৫ জন সাংসদে ভোটদান কৰা নাছিল।

    অনুপস্থিত এই ৫৫ জন সাংসদৰ ভিতৰত ৩৪ জন তৃণমূল কংগ্ৰেছৰ, বিজেপি-সমাজবাদী পাৰ্টী আৰু শিৱসেনাৰ দুজনকৈ আৰু এজন বহুজন সমাজ পাৰ্টীৰ।

    উল্লেখ্য যে, ৩৬ জন সাংসদসহ তৃণমূল কংগ্ৰেছে নিৰ্বাচনত ভোট নিদিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু শুভেন্দু অধিকাৰীৰ পিতৃ শিশিৰ অধিকাৰী আৰু দিব্যেন্দু অধিকাৰীয়ে ভোটদান কৰিছিল।

    ইফালে বিজেপিৰ ভোট নিদিয়া সাংসদ দুগৰাকী হ’ল ছানী দেউল আৰু সঞ্জয় ধোত্ৰে। ৰাষ্ট্ৰপতি নিৰ্বাচনতো এই দুজন সাংসদে ভোটদানৰ পৰা বিৰত আছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং