ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু ৰবীন্দ্ৰ জাদেজা

0
56
CSK-ক কৰিলে আনফ'ল’, আধাতে টুৰ্ণামেণ্ট সামৰি ঘৰলৈ উভটিল জাদেজা
ফটো সৌজন্য- ইণ্টাৰনেট

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে সুখবৰ। বিগত এটা বছৰ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা ষ্টাৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

জানিব পৰা অনুসৰি দীৰ্ঘদিন ধৰি আঘাতৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰি থকা জাদেজাই ফিটনেছ টেষ্ট পাছ কৰিছে। এই খবৰৰ পৰা এটা কথা নিশ্চিত হৈছে যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত খেলিব জাদেজা।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ ৯ ফেব্ৰুৱাৰিত আৰম্ভ হ’ব।    

উল্লেখ্য যে, আঘাতৰ পৰা সুস্থ হৈ জাদেজাই অলপতে এখন ৰঞ্জী মেচত অংশ লৈছিল। সৌৰাষ্ট্ৰৰ হৈ খেলা জাদেজাই তামিলনাডুৰ বিৰুদ্ধে মুঠ ৪২ অ’ভাৰ কৰি ৮টা উইকেট দখল কৰিছিল।

এই প্ৰদৰ্শনৰ পিছত তেওঁ এতিয়া নেশ্যনেল ক্ৰিকেট একাডেমিত ফিটনেছ টেষ্টো পাছ কৰিবলৈ সক্ষম হৈছে। সেয়ে তেওঁ এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিবলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত খেলাটো নিশ্চিত হৈ পৰিছে।