দিল্লীত কাইলৈ স্বামী বিবেকানন্দ কর্মযোগী বঁটা গ্ৰহণ কৰিব যাদৱ পায়েঙে

বঁটা গ্রহণৰ পূর্বে যাদৱ পায়েঙে দিল্লীত মহাত্মা গান্ধীৰ সমাধিথলী ৰাজঘাটত কৰিব বৃক্ষৰোপণ

0
38

অসমলৈ আহিছে সুখবৰ। অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে ২০২০ চনৰ ‘স্বামী বিবেকানন্দ কর্মযোগী বঁটা’৷ কাইলৈ অৰ্থাৎ ২৯ ফেব্ৰুৱাৰী, শনিবাৰে নতুন দিল্লীৰ ‘প্রেষ্টিজিয়াছ’ কনষ্টিটিডচন ক্লাবত কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী প্রকাশ জাভাডেকাৰে যাদৱ পায়েঙক এই বঁটা প্রদান কৰিব৷ যাদৱ পায়েঙৰ দ্বাৰা সৃষ্ট অৰণ্যত সংৰক্ষিত আৰু সুৰক্ষিত অৱস্থাত আছে অসংখ্য গছ-গছনি আৰু জীৱ জন্তু।

উল্লেখ্য যে বেচৰকাৰী সংগঠন মাই হোম ইণ্ডিয়াই প্রতিবছৰ সমাজত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক কর্মযোগী বঁটা আগবঢ়াই আহিছে৷ এই বছৰ এই বঁটাৰ বাবে অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙক মনোনীত কৰা হৈছে৷

উল্লেখ্য যে বঁটা গ্রহণৰ পূর্বে যাদৱ পায়েঙ দিল্লীত মহাত্মা গান্ধীৰ সমাধিথলী ৰাজঘাটত কৰিব বৃক্ষৰোপণ ৷ স্বামী বিবেকানন্দ কর্মযোগী বঁটাত আছে এটা স্মাৰক,মানপত্ৰ আৰু ১ লাখ টকা। যাদৱ পায়েঙলৈ আগবঢ়োৱা এই সন্মানত উৎফুল্লিত হৈ পৰিছে অসমবাসী।

Photo Credit: cntraveller.in