
বৰপেটাৰোডত সংঘটিত হয় এক শোকাবহ ঘটনাৰ।মাতৃৰ সৈতে কাম কৰি থাকোতেই পুত্ৰৰ কৰুণ মৃত্যু হয়।
প্ৰকাণ্ড দেৱাল খহি গাত পৰে শ্ৰমিক পুত্ৰৰ, থিতাতে নিহত হয় পুত্ৰৰ। নিহত শ্ৰমিকজনৰ নাম ছাহিল দেৱান বুলি জানিব পৰা গৈছে।
প্ৰকাণ্ড দেৱালৰ চেপাত শোকাৱহভাৱে মৃত্যু ঘটে ছাহিল দেৱানৰ। মাতৃৰ চকুৰ সন্মুখতেই চিঞৰি চিঞৰি পুত্ৰৰ কৰুণ মৃত্যু হয়।
বৰপেটাৰোডৰ চন্দনপুৰৰ বাসিন্দা অৰূপ দাসৰ ঘৰত সংঘটিত হয় এই শোকাৱহ ঘটনা। অৰূপ দাসৰ ঘৰত পুৰণা ঘৰ ভঙা কাম কৰি আছিল মাতৃ-পুত্ৰই।
INPUT: গণেশ সাহা