এজন ভাৰতীয় বেটছমেনৰ বাবে কঁপনি উঠিছে দক্ষিণ আফ্ৰিকাৰ শিৱিৰত; পাৰ্ণেলে ক’লে এই কথা..

0
4607

২ অক্টোবৰত অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ। গুৱাহাটীত হ’বলগীয়া এই মেচখনৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ৱেইন পাৰ্ণেলে এটা ডাঙৰ মন্তব্য আগবঢ়াইছে।

ৱেইন পাৰ্ণেলে দ্বিতীয়খন টি-২০ মেচৰ পূৰ্বে ভাৰতীয় এজন বেটছমেনৰ নাম উল্লেখ কৰিছে, যাৰ আক্ৰমণাত্মক মনোভাৱৰ সন্মুখত দক্ষিণ আফ্ৰিকাৰ বলাৰসকল চিন্তিত হৈ পৰিছে।

টীম ইণ্ডিয়াৰ বেটছমেন সূৰ্যকুমাৰ যাদৱৰ আক্ৰমণাত্মক বেটিঙে তেওঁক এই মুহূৰ্তত টি-২০ত আটাইতকৈ বিপজ্জনক বেটছমেন বুলি বিশেষজ্ঞসকলে মন্তব্য কৰাৰ সময়তে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ৱেইন পাৰ্ণেলে বিশ্বাস কৰে যে এই ভাৰতীয়গৰাকীৰ মুখামুখি হোৱাৰ বাবে বলাৰসকলো শক্তিশালী হ’ব লাগিব।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত সূৰ্যকুমাৰ যাদৱে ৩৩টা বলত পাঁচটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৫০ ৰান সংগ্ৰহ কৰিছিল।

দ্বিতীয়খন মেচৰ পূৰ্বে পাৰ্ণেলে সংবাদমেলত কয়, ‘ব্যক্তিগতভাৱে মই যোৱা দুমাহত যি দেখিছো তাৰ পৰা মই ভাবো যে তেওঁ বৰ্তমান টি-২০ৰ শ্ৰেষ্ঠ বেটছমেন। তেওঁ খেলপথাৰৰ প্ৰতিটো এলেকাত শ্বট খেলে যাৰ বাবে বলাৰসকলৰ বাবে ডিফেণ্ড কৰাত অসুবিধা হয়’।

তেওঁ আৰু কয়, ‘বলাৰসকলে শক্তিশালী হ’ব লাগিব আৰু নিজৰ প্ৰতিটো বলত ভালদৰে মনোনিৱেশ কৰিব লাগিব। তেওঁ ভাল শ্বট খেলিছিল যদিও ভাগ্য তেওঁৰ লগত আছিল’।

উল্লেখ্য যে ইংলেণ্ড, অষ্ট্ৰেলিয়া শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা শৃংখলাৰ প্ৰথমখন মেচতো সূৰ্য্যকুমাৰ যাদৱৰ সুন্দৰ বেটিং প্ৰদৰ্শনৰ সহায়ত ভাৰতে সহজ বিজয় সাব্যস্ত কৰিছিল।