27 C
Guwahati
Thursday, September 29, 2022
More

    কিশোৰীক ধৰ্ষণৰ অভিযোগত জোৱান গ্ৰেপ্তাৰ, এটি কিশোৰকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

    কিশোৰীক ধৰ্ষণৰ অভিযোগত জোৱান গ্ৰেপ্তাৰ, এটি কিশোৰকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। উত্তৰ পূৱৰ ৰাজ্য ছিকিমত সংঘটিত হৈছে এই ঘটনা।

    এগৰাকী আইটিবিপি জোৱান (Indo-Tibetan Border Police (ITBP) jawan)ক গ্ৰেপ্তাৰ কৰা হৈছে এই ধৰ্ষণৰ গোচৰৰ অভিযোগত।

    অভিযোগ কৰা হৈছে যে জোৱানজনে এগৰাকী তেৰ বছৰীয়া কিশোৰীক জোৱানজনৰ চৰকাৰী বাসভৱনত কেইবাবাৰো ধৰ্ষণ কৰিছিল যাৰ বাবে কিশোৰাীগৰাকী গৰ্ভৱতী হৈ পৰে। আৰক্ষীয়ে ৭ আগষ্ট দেওবাৰে গ্ৰেপ্তাৰ কৰে জোৱানজনক।

    আৰক্ষীয়ে সদৰি কৰা অনুসৰি ঘটনাটো পাকিয়ং জিলাৰ ৰংপো চহৰত সংঘটিত হৈছিল। কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰিছে যে বিগত কেইবা মাহ ধৰি জোৱানজনে কন্যাক যৌন নিৰ্যাতন চলাইছিল।

    অভিযুক্ত জোৱানজন উত্তৰাখণ্ডৰ ধাৰচুলাৰ বাসিন্দা। আৰক্ষীয়ে পকচো আইনৰ ধাৰা ৪ আৰু ধাৰা ৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং