
ইটালী চৰকাৰে ভূমধ্য সাগৰত অৱস্থিত দেশখনৰ মূল ভূখণ্ড আৰু চিচিলি দ্বীপৰ মাজত বিশ্বৰ আটাইতকৈ দীঘল দলং নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। উৎপাদন আৰু পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই দলংখন ইটালীৰ অভিযান্ত্ৰিক মানদণ্ডৰ এক অনন্য উদাহৰণ হ’ব।
বিবৃতিটোত কোৱা হৈছে যে দলংখন নিৰ্মাণৰ বাজেট প্ৰথমে বিত্ত মন্ত্ৰালয় আৰু উৎপাদন মন্ত্ৰালয়ে আবণ্টন দিব। দলং নিৰ্মাণৰ পিছত টোল মাচুলৰ জৰিয়তে এই ধন আদায় কৰা হ’ব।
ইটালীৰ উপ-প্ৰধানমন্ত্ৰী মেট্টিও ছালভিনিয়ে কয় যে এই প্ৰকল্পটো সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল হ’ব আৰু পৰিবহণৰ সময়ত যান-বাহনৰ পৰা কাৰ্বন নিৰ্গমনো হ্ৰাস পাব। ইয়াৰ সহায়ত পৰ্যটনে নতুন গতি লাভ কৰাৰ লগতে উদ্যোগসমূহো অঞ্চলটোৰ প্ৰতি আকৰ্ষিত হ’ব।
কেলাব্ৰিয়াৰ পশ্চিম মূৰৰ পৰা চিচিলি দ্বীপটো স্পষ্টকৈ দেখা যায় যদিও দুয়োটা স্থলভাগৰ মাজত গভীৰ জলভাগ আৰু প্ৰবল সোঁতে অভিযন্তাসকলৰ বাবে এই দলংখন নিৰ্মাণৰ বাবে এক কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।
এক কাৰিকৰী অনুমান অনুসৰি এই দলংখন ৩৬৬৬ মিটাৰ দীঘল হ’ব।
যদিও ইটালীৰ মেচিনা দলং প্ৰকল্পৰ বাজেট আৰু সম্পূৰ্ণ কৰি তোলাৰ সময়সীমা এতিয়াও ঘোষণা কৰা হোৱা নাই। অৱশ্যে আনুমানিক ৮.৫ বিলিয়ন ইউৰো ব্যয় সাপেক্ষে ছয় বছৰতকৈও কম সময়ৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হ’ব।