জাতীয় পতাকাক চৰম অপমান! প্ৰধান শিক্ষকৰ অনুপস্থিত উত্তোলন কৰা হ’ল পতাকা, কেইটামান মুহূর্তৰ পাছতেই নমাই থোৱা হ’ল পতাকা…

0
123

জাতীয় পতাকাক চৰম অপমান! প্ৰধান শিক্ষকৰ অনুপস্থিত উত্তোলন কৰা হ’ল পতাকা, কেইটামান মুহূর্তৰ পাছতেই নমাই থোৱা হ’ল পতাকা…

জাতীয় পতাকাক কৰা হ’ল চৰম অপমান। প্ৰধান শিক্ষকৰ অনুপস্থিত উত্তোলন কৰা হ’ল পতাকা আৰু অকনমান সময়ৰৰ পাছতেই নমাই থোৱা হ’ল পতাকাখন।

৭৪ তম গণৰাজ্য দিৱস উপলক্ষে প্ৰধান শিক্ষকৰ অনুপস্থিত সহকাৰী শিক্ষকে পতাকা উত্তোলন কৰিলে যদিও লগে লগে পতাকা নমাই গুচি গল সহকাৰী শিক্ষক৷

বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ ১৫৮২ নম্বৰ মৰিছাকান্দি প্ৰাথমিক বিদ্যালয়ত দেখা গল জাতীয় পতাকাক চৰম অপমান৷ বিদ্যালয়ৰ প্ৰধানশিক্ষক খগেন্দ্ৰ নাথ দাসে জাতীয় পতাকা উত্তোলন কৰিবলৈ উপস্থিত নহল বিদ্যালয়ত।

প্ৰধান শিক্ষকৰ অনুপস্থিতেই বিদ্যালয়ত পতাকা উত্তোলন কৰি কিছু সময় পিছতে নমাই থলে ত্ৰিৰংগা পতাকা। প্ৰধান শিক্ষকৰ দায়িত্বৰ গাফিলতিৰ বাবেই এতিয়া সচেতন মহলত চলিছে ব্যাপক চৰ্চা৷

INPUT; REJAUL KABIR