29 C
Guwahati
Wednesday, August 10, 2022
More

    ‘বিদেশ ভ্ৰমণৰ মন, কিন্তু হাতত ধন কম’-কোনো কথা নাই, কেইবাখনো এনে দেশ আছে য’ত চলে ভাৰতীয় মূল্যৰ চমক

    ‘বিদেশ ভ্ৰমণৰ মন, কিন্তু হাতত ধন কম’-কোনো কথা নাই, কেইবাখনো এনে দেশ আছে য’ত চলে ভাৰতীয় মূল্যৰ চমক

    আজি ১৯ জুলাই তাৰিখে অভিলেখ হাৰত মুদ্ৰাস্ফীতি ঘটে। ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পুনৰ অৱনমন ঘটে। এইবাৰ ১ ডলাৰে প্ৰতি ৮০.৫ টকা হয়গৈ ভাৰতীয় মূল্য।

    যাৰ বাবে এতিয়া বহু সামগ্ৰীত মূল্য বৃদ্ধিৰ আশংকাই দেখা দিছে। লগতে যি সকল লোকে বিদেশ ভ্ৰমণ কৰি ভাই পাই, বা জীৱনত এবাৰলৈ হলেও বিদেশ ভ্ৰমণৰ প্ৰৱল ইচ্ছা তেনে লোক সকলেও এতিয়া চিন্তাত পৰিছে।

    পাছে বৰ বিশেষ চিন্তাৰ কাৰণ নাই। যদিহে বিদেশ ভ্ৰমণৰ মন, ইফালে হাতত ধনৰ পৰিমানো কম তথাপি বিদেশৰ সুন্দৰ সুন্দৰ ঠাই ভ্ৰমণ কৰিব পাৰিব আপুনি। বিশ্বৰ কেইখনমান এনে দেশ আছে যাৰ মূল্য ভাৰতীয় টকা হিচাপত কম।

    ভিয়েটনাম– বিশ্বৰ সুন্দৰ সুন্দৰ দেশ সমুহৰ ভিতৰত এখন হৈছে ভিয়েটনাম। দক্ষিণ এছিয়াৰ এই দেশ খন বিশ্বতেই পৰ্যটকৰ বাবে আকৰ্ষণ। এইখন দেশত ভাৰতীয় ১ টকাৰ বিনিময়ত ২৯৪.২১ ভিয়েটনামী ডোংগ (Vietnamese dong) লাভ কৰিব। যাৰ অৰ্থ যদি আপোনাৰ হাতত ১০০ টকা আছে তেন্তে আপুনি পাব ২৯.৪২১ ডংগ।

    ভিয়েটনাম

    ইণ্ডোনেছিয়া– বহুতো বৌদ্ধ আৰু হিন্দু মন্দিৰৰ সমাহাৰ এই দেশত শান্তি বিচাৰি প্ৰতি বছৰি বহু পৰ্যটকৰ আগমণ ঘটে। ইণ্ডোনেছিয়াত ১ টকাৰ বিনিময়ত পাব ১৮৮.১১ ইণ্ডোনেছিয়ান ৰুপিয়া (Indonesian rupiah), ১০০ টকাট পাব ১৮,৮৮১ ৰুপিয়া।

    ইণ্ডোনেছিয়া

    পাৰাগুৱে– দক্ষিণ আমেৰিকাৰ হৃদয় খ্যাত এই সুন্দৰ দেশখনৰো টকাৰ মূল্য ভাৰতীয় টকাতকৈ কম। দেশখনৰ টকাক পাৰাগুয়ান গুৱাৰানী (Paraguayan guaraní) কয়। ভাৰতীয় ১ টকাৰ বিনিময়ত ৮৬.০৮ গুৱাৰানী পোৱা যায়। ১০০ টকাৰ সলনি পাব ৮৬০৭ গুৱাৰানী।

    পাৰাগুৱে

    কোম্বোডিয়া– বহুতো পুৰণি ঘৰ, পুৰণি সামগ্ৰী আদিৰে ভৰপুৰ এই কোম্বোডিয়াত প্ৰতিবছৰে লাখৰ ঘৰত লোকে ইয়াৰ মিউজিয়াম চাবলৈ যায়। ভাৰতীয় ১ টকাৰ বিনিময়ত ইয়াত লাভ কৰিব ৫১ কোম্বোডিয়ান ৰিয়েল (Cambodian riel)

    কোম্বোডিয়া

    দক্ষিণ কোৰিয়া– ফেশ্বন, টেকন’লজি, কছমেটিক চাৰ্জাৰিৰ বাবে বিখ্যাত এই দেশখনৰো টকাৰ মূল্য ভাৰতীয় টকাতকৈ কম। ভাৰতীয় ১ টকাৰ সলনি এই দেশত পোৱা যাব ১৬ ছাউথ কোৰিয়ান ৱন (South Korean won)। ১০০ টকাৰ সলনি লাভ কৰিব ১৬০০ ৱন।

    দক্ষিণ কোৰিয়া

    কেৱল এই কেইখনেই দেশ নহয়, ইয়াৰ উপৰিও আছে কেইখনমান দেশ য’ত ভাৰতীয় মূল্য অধিক শক্তিশালী সেই দেশতকৈ। যাৰ ফলত কম খৰচতে আপুনি সেই দেশ ভ্ৰমণ কৰিব পাৰিব।

    তেনেই কেইখনমান দেশ হৈছে- শ্ৰীলংকা (Sri Lanka) ১ টকা= ২.৫৬, নেপাল (Nepal) ১ টকা= ১.৬০, আইচলেণ্ড (Iceland) ১ টকা= ১.৭৩, হাংগেৰী (Hungary) ১ টকা= ৪.১৭, জাপান (Japan) ১ টকা= ১.৫৫, মোংগোলিয়া (Mongolia)১ টকা= ৩৮.৪০, কোষ্টাৰিকা (Costa Rica)১ টকা= ৮.০০, পাকিস্তান (Pakistan) ১ টকা= ২.১৯ আদি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং