সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ পৃথিৱীৰ ভিতৰত সকলোতকৈ শক্তিশালী কেমেৰা স্থাপিত চেটেলাইট উৎক্ষেপণ ‘ইছৰো’ৰ

সীমান্তৰ অবৈধ প্ৰৱেশকাৰীৰ ওপৰতো থাকিব কাঢ়া দৃষ্টি। লগতে কোনো ধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইক বা এয়াৰ ষ্ট্ৰাইকো এই চেটেলাইটৰ সহায়ত কৰিব পৰা যাব

0
1454
Photo Credit: News Bharati
Photo Credit: News Bharati

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(Indian Space Research Organisation)চমুকৈ ইছৰো-এ ৰচিলে ইতিহাস৷ ইছৰোয়ে ২৭ নৱেম্বৰৰ পুৱা ৯বাজি ২৮ মিনিটত মিলিটাৰি চেটেলাইট কাৰ্টোচেট ৩(Cartosat-3)সফলতাৰে উৎক্ষেপণ কৰে। এতিয়াৰে পৰা মহাকাশৰ পৰাই অতি সহজে সকলো ধৰণৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ওপৰত নজৰ ৰাখিব পাৰিব দেশৰ সুৰক্ষা ব্যৱস্থাই। সীমান্তৰ অবৈধ প্ৰৱেশকাৰীৰ ওপৰতো থাকিব কাঢ়া দৃষ্টি। লগতে কোনো ধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইক বা এয়াৰ ষ্ট্ৰাইকো এই চেটেলাইটৰ সহায়ত কৰিব পৰা যাব।

এই চেটেলাইটটো শ্ৰীহৰিকোটাৰ ভাৰতীয় মহাকাশ গৱেষনা সন্থাৰ ২ নম্বৰ লান্সপেদৰ পৰা উৎক্ষেপণ কৰা হয়। ইয়াক পি এছ এল ভি চি-৪৭ ৰকেটৰ জৰিয়তে মহাকাশত এৰা হয়। এই কাৰ্টোচেট ৩ য়ে পৃথিৱী পৃষ্ঠৰ ৫০৯ কিলোমিটাৰ ওপৰৰ পৰা দৃষ্টি ৰাখিব। পৃথিৱীৰ ভিতৰত সকলোতকৈ শক্তিশালী কেমেৰা স্থাপন কৰা এই কাৰ্টোচেট ৩ চেটেলাইটটোৱে মানুহৰ হাতৰ ঘড়িৰ কাঁটা পৰ্যন্ত দেখুৱাব পাৰিব।