অন্তিম সময়ত বিজুতি, ইতিহাস ৰচাৰ পৰা বিফল হয় ISRO

0
4655
অন্তিম সময়ত বিজুতি, ইতিহাস ৰচাৰ পৰা বিফল হয় ISRO

অন্তিম সময়ত বিজুতি, ইতিহাস ৰচাৰ পৰা বিফল হয় ISRO

সকলো তৈয়াৰী সম্পূৰ্ণ হৈ উঠিছিল, কিন্তু একেবাৰে অন্তিম সময়ত দেখা দিলে বিজুতি। ইতিহাস ৰচাৰ পৰা বিফল হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO.

আজি ১২ আগষ্ট তাৰিখে পুৱা ৬ বজাত আৰ্থ অৱজাৰভেচন ছেটেলাইট EOS-3 ৰকেট উৎক্ষেপনৰ বাবে সাজু হৈছিল। উৎক্ষেপন হয় পিছে মাত্ৰ ১০ ছেকেণ্ড সময় বাকি থকা অৱস্থাত বিফল হয়।

মিটাৰ কণ্ট্ৰোল চেণ্টাৰৰ সৈতে ৰকেটৰ তৃতীয় ষ্টেজত সংলগ্ন ইঞ্জিনৰ ১৮.২৯ মিনিটত সংযোগ বিচ্ছিন্ন হৈ পৰে। পিছত কোনো টেকনিকেল সামঞ্জস্য নথকাৰ বাবে তেনে হোৱা বুলি নিশ্চিত হয়। যাৰ বাবেই এই মিছন বিফল হয়।

পিছত ইছৰোই জনাই যে, মিছন আংশিক ভাৱে বিফল হৈছে। আৰু তাৰ পাছতে ইছৰোৰ পৰা চলাই থকা লাইভ টেলিকাষ্ট বন্ধ কৰি দিয়ে।

যদিহে সকলো থিকে থাকিল হয়, এই মিছন সফল হল হৈ, তেন্তে আজিয়েই পুৱা ১০ মান বজাৰ পৰা এই ছেটেলাইটে মহাকাশৰ পৰা ভাৰতৰ ফটো সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি দিলে হেতেঁন।

আৰু পঢ়ক : ৩.৫ বছৰীয়া পুত্ৰই অনলাইন ক্লাছত নপঢ়াৰ বাবেই মাতৃয়ে হত্যা কৰে, পিছত নিজেও কৰে আত্মহত্যা