28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গাজাস্থিত হামাছৰ শীৰ্ষ নেতাৰ ঘৰত আক্ৰমণ ইজৰাইলী সেনাৰ

    ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিৱেশৰ মাজতেই ইজৰাইলী সেনাই দেওবাৰে দাবী কৰে যে তেওঁলোকে গাজাস্থিত হামাছৰ এজন শীৰ্ষ নেতাৰ ঘৰত আক্ৰমণ কৰিছে।

    গাজাৰ পৰা ইজৰাইললৈ বিমান আক্ৰমণ আৰু ৰকেট নিক্ষেপ কৰাৰ প্ৰায় এসপ্তাহ পিছত এই আক্ৰমণটো সংঘটিত হৈছে।

    সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল হিদাই জিলবাৰমানে দেওবাৰে ইজৰাইলী সেনা ৰেডিঅ’ক কয় যে সেনাই গাজাত হামাছৰ আটাইতকৈ জ্যেষ্ঠ নেতা য়েহিয়েহ ছিনৱাৰৰ ঘৰত আক্ৰমণ কৰিছে, য’ত সম্ভৱতঃ গোটটোৰ বাকী শীৰ্ষ নেতাসকলৰ সৈতে তেওঁ তাত লুকাই আছিল।

    ছিনৱাৰৰ ঘৰটো দক্ষিণ গাজা ষ্ট্ৰিপৰ খান ইউনুচ চহৰত অৱস্থিত।

    সেনাই লগতে কয় যে তেওঁলোকে ছিনৱাৰৰ ভায়েকৰ ঘৰতো আক্ৰমণ কৰিছে।

    সোমবাৰে আৰম্ভ হোৱা এই সংগৰ্ষৰ ফলত এই পৰ্যন্ত হামাছ আৰু ইছলামিক জিহাদ গোটৰ ২০ জন যুঁজাৰু নিহত হোৱা বুলি দাবী কৰাৰ বিপৰীতে ইজৰাইলে ইয়াৰ প্ৰকৃত সংখ্যা বহুত বেছি বুলি দাবী কৰে।

    হামাছ আৰু অন্যান্য উগ্ৰপন্থী গোটে সোমবাৰৰ পৰা আজি পৰ্যন্ত ইজৰাইললৈ প্ৰায় ২,০০০ ৰকেট নিক্ষেপ কৰিছে। উল্লেখ্য যে এই সংঘৰ্ষৰ ফলত গাজাত এই পৰ্যন্ত অতি কমেও ১৪৫ গৰাকী পেলেষ্টানী মৃত্যুমুখত পৰাৰ বিপৰীতে ইজৰাইলত আঠ গৰাকী লোকৰ মৃত্যু হৈছে।

    আৰু পঢ়ক : ফেচবুকত লগ পোৱা প্ৰেমিকে ঘৰলৈ মাতিলে যুৱতীক, পিছত ২৫ জনে কৰিলে দলবদ্ধ ধৰ্ষণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং