আইছ’লেছনত থকা তবলিগী জামাতৰ সদস্যৰ উলংগ হৈ অশ্লীল ইংগিত চিকিৎসাকৰ্মীক

ইতিমধ্যে ৬জন অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ

0
72

গাজিয়াবাদৰ জিলা চৰকাৰী চিকিৎসালয়ৰ মুখ্য চিকিৎসা অধীক্ষকৰ এক বিষ্ফোৰক মন্তব্য লিখা থকা পত্ৰ। আইছ’লেছন ৱাৰ্ডত থকা তবলিগী জামাতৰ সদস্যৰ হেনো উলংগ হৈ অশ্লীল ইংগিত চিকিৎসাকৰ্মীক। যাৰ বাবে ইতিমধ্যে ৰুজু হৈছে গোচৰো।

জানিব পৰা মতে আইছ’লেছনত থকা লোক কেইজনে উলংগ হৈ ৱাৰ্ডত ঘূৰি ফুৰা বুলি চিকিৎসা অধীক্ষ এগৰাকীয়ে এখন পত্ৰৰ জৰিয়তে অভিযোগ কৰে। জামাতৰ লোকসকলে হাস্পতালত পেণ্ট নিপিন্ধাকৈ ঘুৰি ফুৰি কৰ্তব্যৰত নাৰ্ছক অশ্লীল ইংগিত দিয়ে। লগতে চিকিৎসক আৰু নাৰ্ছক বিড়ি–চিগাৰেট বিচাৰিও অশান্তি কৰিছে জামাতৰ সদস্যসকলে।

ইতিমধ্যে ৬জন অভিযুক্তৰ বিৰুদ্ধে গাজিয়াবাদৰ কোতবালি থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৯, ২৬৯, ২৭০ আৰু ২৭১ ধাৰাৰ অধীনত ২৮৮/২০ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। অভিযোগ দাখিল কৰা পত্ৰত উল্লেখ কৰা অনুসৰি আইছ’লেছন ৱাৰ্ডত থকা লোক কেইজনে নাৰ্চৰ সন্মুখত অশ্লিল গান শুনে আৰু অশ্লিল ইংগিতো প্ৰদান কৰে।

Photo Credit: Times now