আৰক্ষী অধীক্ষকৰ সৈতে ইছলামিক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক- ৬ মাহৰ ভিতৰত অসমজুৰি জৰীপ কৰা হ’ব মাদ্ৰাছা

0
2024

আৰক্ষী অধীক্ষকৰ সৈতে ইছলামিক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক- অহা ৬ মাহৰ ভিতৰত অসমজুৰি জৰীপ কৰা হ’ব মাদ্ৰাছা।

আজি অসম আৰক্ষী অধীক্ষক ভাস্কৰ জ্যোতি মহন্তৰ সৈতে মাদ্ৰাছা সন্দৰ্ভত এক গুৰুতপূৰ্ণ বৈঠকত মিলিত হয় ৪ টা ইছলামিক সংগঠন। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে কেউটা ইছলামিক সংগঠনে।

চাৰি সংগঠন কেইটা হৈছে- জমিয়ত উলেমা ই হিন্দ, আহলে হাদিজ, আহলে চুন্নত জামাত আৰু নদুৱা তো তামেৰি। এই কেইটা সংগঠনৰে প্ৰতিনিধিয়ে আজি উপস্থিত থাকি অংশ লয় ডিজিপিৰ সৈতে বৈঠকত।

অসমৰ কিছুমান মাদ্ৰাছা আৰু মছজিদত জড়িত থকা ব্যক্তি ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত হৈছে, এই সমস্যাটো অসমৰ পৰা নিৰ্মূল কৰিবলৈ এই ৪ টা বৃহৎ ইছলামিক সংগঠনে অসম আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

অসমত থকা ৩০-৪০ শতাংশ মুছলমান জনসংখ্যাৰ নগণ্য সংখ্যক লোকে এইধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে।

সেয়ে ৰাজ্যৰ সকলো মাদ্ৰাছা নিৰ্দিষ্ট নিয়ম-নীতিৰ মাজেৰে চলোৱাৰ বাবে আৰক্ষীৰ ফালৰ পৰা কৈছে। লগতে আগন্তুক ৬ মাহৰ ভিতৰতে অসমজুৰি জৰীপ কৰা হ’ব মাদ্ৰাছা।

ধৰ্মৰ নামত কোনোবাই বেয়া কাম কৰিলে সেয়া ইছলামিক সংগঠনে কেতিয়াও মানি নলই বুলি দোহাৰে। আৰক্ষীয়ে বিচৰা সহযোগিতাত সমৰ্থন জনাইছে চাৰিওটা ইছলামিক সংগঠনে।

আনহাতে মাদ্ৰাছাসমূহত ধৰ্মীয় শিক্ষাৰ উপৰিও অন্যান্য কাৰিকৰী শিক্ষা, বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ শিক্ষা দিয়াৰ কথা আৰক্ষীয়ে পৰামৰ্শ দিছে।

অসমৰ বাহিৰৰ কোনো মানুহ মাদ্ৰাছালৈ আহিলে তেওঁৰ পুলিচ ভেৰিফিকেচন তথা সকলো তথ্য পৰীক্ষা কৰিবলৈ সংগঠনসমূহক নিৰ্দেশ দিছে আৰক্ষীয়ে।

কোৰাণৰ লগত,ইছলামৰ লগত সন্ত্ৰাসবাদীৰ কোনো সম্পৰ্ক নাই। সন্ত্ৰাসবাদীৰ নিজৰে এটা ধৰ্ম আছে।

বাহিৰৰ পৰা অহা লোকসকলৰ ওপৰত এই ৪ সংগঠনে আৰক্ষীৰ সহযোগত চোকা দৃষ্টি ৰাখিব। লগতে অপ্ৰয়োজনীয় মাদ্ৰাছাসমূহ আতঁৰোৱা হ’ব।