26 C
Guwahati
Thursday, May 26, 2022
More

    সপোনত বাৰে বাৰে প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাক দেখি থাকে নেকি? বিশেষজ্ঞই কি কয় ইয়াৰ কাৰণ

    সপোনত বাৰে বাৰে প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাক দেখি থাকে নেকি? বিশেষজ্ঞই কি কয় ইয়াৰ কাৰণ

    টোপনিৰ সময়ত সপোন দেখাটো মানুহৰ এক সাধাৰণ প্ৰক্ৰিয়া। মানুহে কয় মানুহৰ অৱচেতন মনত চলি থকা কথাবোৰে সপোনত দেখা যায়।

    কিন্ত সপোনত বাৰে বাৰে নিজৰ প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাক দেখে নেকি?  কিয় হয় এনেকুৱা? ইয়াৰ কাৰণ একাধিক বুলি বিশেষজ্ঞ সকলে উল্লেখ কৰিছে।

    ১) প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাৰ প্ৰতি ভালপোৱা বাঢ়ি গৈছে নেকি? এই প্ৰশ্ন বহুতেই কৰে কিন্তু বিশেষজ্ঞ সকলৰ মতে বিচ্ছেদৰ সময়ত নিজৰ মনৰ ভিতৰত থকা বিৰক্তি, ক্ষোভ সমূহ প্ৰেমিক অথবা প্ৰেমিকাক ভালদৰে কোৱা নহ’ল যাৰবাবেই সপোনত প্ৰেমিক অথবা প্ৰেমিকাক দেখা হয় বাৰে বাৰে।

    ২) হয়তো নতুন সম্পৰ্কৰ সময়ত পুৰণা সম্পৰ্কৰ ভুল সমূহ পুনৰ কৰিব বিচৰা নাই যাৰ বাবে পুৰণা কথাই আপোনৰ মনক প্ৰভাৱিত কৰিছে সেইবাবেও সপোনত প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাক দেখা পোৱা যায়।

    ৩) বিশেষজ্ঞ সকলে উল্লেখ কৰা আৰু এটা কাৰণ হৈছে হয়টো আপুনি পুৰণি সম্পৰ্কত বহুত বেছি সোমাই গৈছিল যাৰ বাবে এতিয়াও মনত সেই সকলোবোৰ কথাই ক্ৰিয়া কৰি আছে ফলত সপোনত প্ৰাক্তন প্ৰেমিক অথবা প্ৰেমিকাই আহি ধৰা দিয়ে।

    ৪) বহু সময়ত নতুন সম্পৰ্কত ভয় সোমাই যায় সম্পৰ্কটো পুনৰ ভাঙি নাযায় বুলি যাৰফলতো অতীতৰ বহু কথা সপোনত আহে।

    ৫) পুৰণা সম্পৰ্কৰ সময়ত কৰা শাৰীৰিক সম্পৰ্কৰ কিছু কথাও নতুন সম্পৰ্কৰ লগত তুলনা কৰি সপোনত মনলৈ আহে।

    সপোনত বাৰে বাৰে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাৰ কথা আহি থাকিলে বিশেষজ্ঞৰ সৈতে এই কথা আলোচনা কৰি ভাল পৰামৰ্শ গ্ৰহণ কৰক।

    আৰু পঢ়ক : কপিলী নৈত গা ধুঁবলৈ গৈ সন্ধানহীন মেধাৱী ছাত্ৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং