‘পুটিনৰ পত্নী মুছলমান’, ইমৰাণ খানৰ অদ্ভুট দাবীক লৈ চাঞ্চল্য

0
386
'পুটিনৰ পত্নী মুছলমান', ইমৰাণ খানৰ অদ্ভুট দাবীক লৈ চাঞ্চল্য

‘পুটিনৰ পত্নী মুছলমান’, ইমৰাণ খানৰ অদ্ভুট দাবীক লৈ চাঞ্চল্য

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ব্যক্তিগত জীৱনক লৈ কৰা এক দাবীয়ে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইমৰান খানে দাবী কৰিছে যে পুটিনৰ পত্নী এগৰাকী মুছলমান।

জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক হাৰুণ উৰ ৰচিদে ইমৰাণ খানক লগ পোৱাৰ পিছত এটা অনুষ্ঠানত তেওঁ ইমৰাণ খানৰ সৈতে কি আলোচনা কৰিছিল সেই বিষয়ে জনায়।

তেওঁক সাক্ষাতৰ সময়ত ইমৰাণ খানে কৈছিল যে তেওঁ যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক লগ পাইছিল তেতিয়া পুটিনে তেওঁক কৈছিল যে তেওঁৰ পত্নী মুছলমান আৰু তেওঁ ৰাছিয়াৰ বিভিন্ন অঞ্চলত ২৫০ ৰো অধিক মছজিদ নিৰ্মাণ কৰিছে।

উল্লেখ্য যে পুটিনে এয়াৰ হোষ্টেছ লিউডামিলা পুটিনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অৱশ্যে, প্ৰায় ৩০ বছৰৰ বৈবাহিক জীৱনৰ পিছত ২০১৩ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।

বহু বছৰ ধৰি চলি থকা উৰা বাতৰিৰ অন্ত পেলাই পুটিনে নিজেই এই কথা প্ৰকাশ কৰিছিল।

উল্লেখ্য যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খানে কৰা এই দাবীৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই কথা লুকুৱাই ৰাখিছিল নে ইমৰান খানে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ বাবে মিছাৰ প্ৰশ্ৰয় লৈছে।

আৰু পঢ়ক – আৰক্ষীৰ সন্মুখতে প্ৰেমিকাক চুৰিৰে হানি হত্যা কৰিলে পাষণ্ড প্ৰেমিকে