14 C
Guwahati
Wednesday, January 19, 2022
More

    ছাত্ৰ ৰাজনীতিত আদৰ্শৰ সংঘাতৰ পৰিৱৰ্তে বৰ্ধিত শাৰীৰিক সংঘাত যুক্তিবাদীতাৰ অৱক্ষয় নেকি!

    দেশৰ লগতে অসমৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ৰাজনীতিয়ে পূৰ্বৰে পৰা এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰি আহিছে। ঐতিহাসিক পটভূমিতো যদিহে আমি ছাত্ৰ-ৰাজনীতিৰ প্ৰাসংগিকতা ফহিয়াই চাও তেনেহ’লে ছাত্ৰ-ৰাজনীতিয়ে দেশৰ স্বাধীনতা আন্দোলনতো অতি যোগাত্মক প্ৰভাৱ পেলাইছিল। অধ্যায়ন পুষ্ট ছাত্ৰই ছাত্ৰই ৰাজনীতিত প্ৰৱেশৰ যোগেৰে যিকোনো আন্দোলনক সঠিক দিশত এক সুনিৰ্দিষ্ট দিশেৰে আগুৱাই নিবলৈ সক্ষম হৈছিল।

    অসমৰ সামাজিক জীৱনতো ছাত্ৰ ৰাজনীতিৰ এক অতি গুৰুত্বপুৰ্ণ ভূমিকা আছে বিশেষকৈ অসম আন্দোলনত অসমৰ ছাত্ৰ ৰাজনীতিয়ে চকুত লগাকৈ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। ঐতিহাসিক অসম আন্দোলনত গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ ৰাজনীতিৰ কেন্দ্ৰলৈ পৰিণত হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত থকা মহাবিদ্যালয় সমূহতো ছাত্ৰ সমাজ অসম আন্দোলনৰ সৈতে একাত্মতাৰে সংযুক্তহৈ পৰিছিল।

    অসম আন্দোলনৰ পৰৱৰ্তী সময়ত ছাত্ৰ ৰাজনীতিৰে অসমৰ প্ৰত্যক্ষ ৰাজনীতিত নামি পৰা যুৱ নেতা সকলক অসমৰ জনসাধাৰণে আকোৱালি লোৱাও দেখা গ’ল। অৱশ্যে, যুৱ নেতা সকলে অসমবাসীৰ প্ৰত্যাশা পুৰণত কিমান সফল হ’ল সেয়া  এতিয়াও বহু বিতৰ্কৰ বিষয় হৈ আছে।

    শিক্ষানুষ্ঠান সমূহত ছাত্ৰ-ৰাজনীতিৰ প্ৰয়োজন সদায় আছিল আৰু বৰ্তমানো আছে। প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত থাকি ছাত্ৰই কৰা ৰাজনীতিয়ে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষানুষ্ঠান এখনত সামাজিক বাতাবৰণ সৃষ্টি কৰাত মূল ভূমিকা পালন কৰে। যিকোনো শিক্ষানুষ্ঠান এক গণতান্ত্ৰিক ধাৰণা আৰু সেই গণতান্ত্ৰিক ধাৰণাৰ মন্দিৰত গণতন্ত্ৰৰ আখৰা হোৱাটো সকলোৱে যুক্তি নিষ্ঠতাৰে আশা কৰে।

    শিক্ষক-অভিভাৱক-ছাত্ৰ এই তিনিটা উপাদানেৰে পৰিপূৰ্ণ শিক্ষানুষ্ঠানৰ ধাৰণাক গতিশীলতা প্ৰদান কৰাৰ বাবেই ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজন। শিক্ষাৰ্থী সমাজৰ বিভিন্ন বিষয়ৰ লগতে ৰাজ্য তথা সমাজৰ আৰ্থ-সামাজিক সমস্যাৰ ওপৰত ছাত্ৰ ৰাজনীতিত গণতান্ত্ৰিক ধাৰণাৰে হোৱা বিতৰ্কৰ অন্তত একো একোটা সুস্থ সমাধান ওলাইছিল যিবোৰ ধাৰণাকে হয়টো পৰৱৰ্তী সময়ত মূল ৰাজনীতিতো প্ৰয়োগ কৰা দেখা যায়।

    প্ৰমূল্যবোধ, তীক্ষ্ণ মস্তিষ্ক, যুক্তিবাদী সত্তা, উদাৰবাদী ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত ছাত্ৰ ৰাজনীতি কিন্তু বৰ্তমান সময়ত বহু পৰিমাণে কলুষিত হোৱা দেখা গৈছে। বৰ্তমান সময়ত ছাত্ৰ ৰাজনীতিত যুক্তি-নিষ্ঠতা, সৱল বিতৰ্কৰ পৰিৱৰ্তে সস্তীয়া ৰাজনৈতিক মতাদৰ্শৰহে প্ৰভাৱ বেছি হোৱা যেন বোধ হৈছে।

    অন্ধ ৰাজনৈতিক ধাৰণাৰ অনুকৰণেৰে বৰ্তমান সয়মত চৰ্চা হৈ থকা ছাত্ৰ ৰাজনীতিয়ে ক্ৰমাগতভাৱে নিজৰ সুনাম অক্ষুণ্ন ৰখাত ব্যৰ্থ হৈ পৰিছে য’ত ছাত্ৰ সকলে নিজৰ যুক্তি নিষ্ঠতা হেৰুৱাই পেলোৱা যেন বোধ হয়।

    যুক্তি নিষ্ঠতা আৰু আদৰ্শহীন হোৱা বাবেই হয়টো আজি-কালি ৰাজ্যৰ প্ৰায়বোৰ মবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন আদৰ্শক অনুকৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘাট হোৱা দেখা গৈছে আৰু এইক্ষেত্ৰত প্ৰায়ে ৰাজ্যখনত শাসনভাৰ দখল কৰি থকা ৰাজনৈতিক দলটোৰ ছাত্ৰ সংগঠনে বাহুবল প্ৰয়োগ কৰা দেখা যায়। মূলত আঞ্চলিক ছাত্ৰ-সংগঠন সমূহৰ সৈতেই মূল ৰাজনৈতিক দলৰ ছাত্ৰসংগঠন কেইটাৰ সংঘাত হোৱা দেখা যায়।

    ৰাজ্যত কংগ্ৰেছ শাসনৰ সময়ত অসমৰ শিক্ষানুষ্ঠান সমূহত এন এছ য়ু আইৰ সৈতে অসমৰ আঞ্চলিক ছাত্ৰ সংগঠন আছু আদিৰ সংঘাট আৰম্ভ হৈছিল এতিয়া বিজেপিৰ শাসনৰ সময়ত মূলত এবিভিপিৰ সৈতে অসমৰ আঞ্চলিক ছাত্ৰ সংগঠন আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদিৰ সংঘাত হোৱা দেখা যায়।

    কিছুদিন পূৰ্বে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডিব্ৰু মহাবিদ্যালয়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আছু কৰ্মী আৰু এবিভিপিৰ মাজত সংঘাত হৈছিল আৰু উক্ত সংঘাতৰ পাছত স্থানীয় আৰক্ষীয়ে আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আছু কৰ্মী সকলক অপদস্থ কৰা বুলিও অভিযোগ উত্থাপন হয়। স্থানীয় অভিভাৱক মন্ত্ৰীৰ প্ৰৰোচনাতে এইদৰে আছু কৰ্মীক আৰক্ষীয়ে অপদস্থ কৰা বুলি আছু কৰ্মী সকলে অভিযোগ কৰাৰ লগতে আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যাৱহাৰ কৰা বুলি সমালোচনা কৰে।

    ইয়াৰ পাছতে বৰপেটাৰ বৰপেটাৰোড-হাউলী মহাবিদ্যালয়তো ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ ছাত্ৰ সংগঠন সমূহৰ মাজত সংঘাত হোৱা দেখা যায়। বহুকেইজন ছাত্ৰও এই সংঘাতত আঘাতপ্ৰাপ্ত হয়।

    ডিব্ৰুগড় আৰু বৰপেটাৰ পাছত এইবাৰ অসমৰ শিক্ষানুষ্ঠান সমূহৰ অন্যতম কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পাছত ছাত্ৰ সকলৰ মাজত সংঘাত হোৱা দেখা যায়। আদৰ্শৰ সংঘাত মানি ল’ব পাৰি কিন্তু উচ্চ শিক্ষা প্ৰতিষ্ঠান এখনত যেতিয়া আদৰ্শৰ সংঘাতৰ বিপৰীতে শাৰীৰিক সংঘাতে আগস্থান পাই তেতিয়া ৰাজ্যখনৰ ভবিষ্যতকলৈয়ো সংশয়ৰ সৃষ্টি হয় কাৰণ আজিৰ ছাত্ৰ সকলেই কাইলৈ ৰাজ্যখনৰ নেতৃত্ব চম্ভালিবলগীয়া হ’ব।

    কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছত দুটা ছাত্ৰৱাসৰ ছাত্ৰই মাৰপিটত লিপ্ত হয় আৰু এই ঘটনাৰ পাছতে বহুকেইজন ছাত্ৰ আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।

    কটনৰ ছাত্ৰ ৰাজনীতিৰ এক সুকীয়া সুনাম আছে। অসমৰ বহুকেইজন আগশাৰীৰ ৰাজনৈতিক জন্ম হৈছে কটনৰ মজিয়াত ছাত্ৰ অৱস্থাত কৰা ৰাজনৈতিক আদিপাঠৰ অনুশীলনৰ মাজেৰে। অসমৰ বৰ্তমান মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কটনৰ মজিয়াৰ পৰাই ছাত্ৰ ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰিছিল।

    বৰ্তমান সময়ত শিক্ষানুষ্ঠান সমূহত ছাত্ৰ ৰাজনীতিৰ ধাৰাৰ অপক্ষয় ৰোধ কৰাটো সকলোৰে কৰ্তব্য। ৰাজ্যখনৰ অথবা দেশৰ ক্ষমতাত থকা ৰাজনৈতিক দল সমূহে শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ ৰাজনীতিত হস্তক্ষেপ নকৰি ইয়াক স্বতন্ত্ৰ ৰূপত জীয়াই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগে। সুস্থ ছাত্ৰ ৰাজনীতিৰ আখৰাইহে দেশ অথবা ৰাজ্যএখনৰ ভবিষ্যতৰ ৰাজনীতিক সঠিক দিশত আগুৱাই লৈ যাব বুলি আমাৰ মনে ধৰে।  

    আৰু পঢ়ক : কুখ্যাত গেংষ্টাৰ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰক্ষীৰ জালত, ৰুজু ২৪ টাতকৈও অধিক গোচৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং