15 C
Guwahati
Saturday, January 22, 2022
More

    মাতৃ দুগ্ধতো থাকে নেকি ক’ভিড ভাইৰাছ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

    মাতৃ দুগ্ধতো থাকে নেকি ক’ভিড ভাইৰাছ? কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

    মাতৃ দুগ্ধত ক’ভিডৰ উপস্থিতি ধৰা পৰিছেনে নাই সেই সম্পৰ্কে মত প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্যৰ মুৰব্বী টেড্ৰ’ছ আধানোম গেব্ৰেয়াছে।

    “মাতৃৰ গৰ্ভত থকাৰ সময়ত আৰু প্ৰসৱৰ সময়ত শিশুৰ শৰীৰলৈ ক’ভিডৰ সংক্ৰমণ হোৱা সন্দৰ্ভত কোনোধৰণৰ তথ্য প্ৰকাশ পোৱা নাই আৰু মাতৃ দুগ্ধটো ক’ভিডৰ উপস্থিতি ধৰা পৰা নাই,” বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে লগতে মত প্ৰকাশ কৰে।

    বিশ্বৰ বিভিন্ন দেশত ক’ভিড প’জিটিভ হোৱা বাবে মাতৃক নৱজাতকৰ পৰা পৃথক কৰি ৰখা সন্দৰ্ভত প্ৰকাশ পোৱা তথ্যকলৈয়ো বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনে উদ্বেগ প্ৰকাশ কৰিছে।

    ইপিনে, অমিক্ৰণ সাধাৰণ চৰ্দি-জ্বৰ নহয় ইয়াকলৈ সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে আৰু ক’ভিড এতিয়াও এনডেমিক হ’বৰ হোৱা নাই বুলিও আধানোমে কয়।

    উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিডৰ ব্যাপক সংক্ৰমণ হোৱা দেখা গৈছে।

    ভাৰতত প্ৰতি দিনে এক লাখতকৈয়ো অধিক লোক ক’ভিড সংক্ৰমণ হৈছে।

    আৰু পঢ়ক : বৰ্তমান কেনে অৱস্থাত আছে ক’ভিড আক্ৰান্ত বিশিষ্ট কণ্ঠশিল্পী লতা মংগেস্কাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং