
বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰ আৰু অভিনেত্ৰী মালাইকা আৰোৰাৰ মাজৰ সম্পৰ্কত ফাঁটমেলা বুলি চৌদিশে খবৰ প্ৰচাৰিত হোৱাৰ পাছতে অভিনেতা অৰ্জুন কাপুৰে ইষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰে।
অৰ্জুন কাপুৰে ইষ্টাগ্ৰামত মালাইকা আৰোৰাৰ সৈতে একেলগে থকাৰ এখন ফটো শ্বেয়াৰ কৰি মিছা অপবাদৰ কোনো স্থান নাই বুলি লিখে।
অভিনেতা গৰাকীয়ে বুধবাৰে ইষ্টাগ্ৰামত ফটোখন পোষ্ট কৰে।
“ইয়াত মিছা অপবাদৰ কোনো স্থান নাই। সুৰক্ষিত থাকক। আশীৰ্বাদ কৰক। মানুহৰ ভাল কামনা কৰক আৰু সকলোকে ভাল পাবলৈ শিকক,” অৰ্জুন কাপুৰে এইদৰে লিখে ইষ্টাগ্ৰামত।
প্ৰচাৰিত খবৰ অনুসৰি, অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত ছেদ অহাৰ পাছতে মালাইকা আৰোৰাই নিজকে সম্পুৰ্ণ অকলশৰীয়া কৰি লৈছিল।
বলিউদত অভিনেতা-অভিনেত্ৰী সকলৰ ব্যক্তিগত জীৱনকলৈ প্ৰায়ে বিভিন্ন ধৰণৰ মিছা খবৰ প্ৰকাশ পাই আহিছে।
অৱশ্যে, ইয়াৰ পূ্ৰ্বেও মালাইকা আৰোৰাৰ পূৰ্বৰ সংসাৰত ভাঙোন আহিছিল।
অৰ্জুন কাপুৰৰ ইষ্টাগ্ৰাম পোষ্টৰ পাছতে বিভিন্নজন অনুৰাগীয়ে নিজৰ নিজৰ প্ৰতিক্ৰিয়া নিজৰ নিজৰ ধৰণেৰে ব্যক্ত কৰে।
আৰু পঢ়ক : উৰুকাৰ পূৰ্বে কাজিৰঙাত মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা, ১৪৪ ধাৰা জাৰি