“হিজাব পৰিধান নকৰা মহিলাসকল পতিতা সকলৰ দৰে” সাংসদ মাহমুদ নাবাৱিয়ান

0
127

“হিজাব পৰিধান নকৰা মহিলাসকল পতিতা সকলৰ দৰে” সাংসদ মাহমুদ নাবাৱিয়ান

ইৰাণত হিজাব পিন্ধাৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে মঙলবাৰে দেশখনৰ এগৰাকী সাংসদে হিজাব পৰিধানৰ বাধ্যতামূলক নিয়ম উলংঘা কৰা মহিলা প্ৰতিবাদকাৰীসকলক”পতিতা” বুলি অভিহিত কৰে।

ইৰাণৰ আৰক্ষীৰ জিম্মাত ২২ বছৰীয়া মাহছা আমিনীৰ মৃত্যুৰ পিছৰে পৰাই ইৰাণৰ ৰাজধানী তেহৰাণত প্ৰতিবাদ অব্যাহত আছে।

যুৱতী গৰাকীক হিজাব সঠিকভাৱে পৰিধান নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৬ ছেপ্টেম্বৰত যুৱতী গৰাকী আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল।

তেহৰাণৰ সাংসদ মাহমুদ নাবাৱিয়ানে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কৰা কঠোৰ মন্তব্যক দেওবাৰে দেশৰ শীৰ্ষ ধৰ্মগুৰু আয়াতুল্লাহ হুছেইন নুৰি হামদানীয়ে কৰা আবেদনৰ বিৰোধিতা হিচাপে গণ্য কৰা হয়,যিয়ে চৰকাৰক জনসাধাৰণৰ দাবী শুনিবলৈ আহ্বান জনায়।

এটা সাক্ষাৎকাৰতসাংসদ নাবাভিয়ানে হিজাব পৰিধান নকৰা মহিলা প্ৰতিবাদকাৰীসকলক পতিতা বুলি মন্তব্য কৰাৰ লগতে তেওঁ কয় যে এই মহিলা সকলে নিজেই পতিতাবৃত্তিলৈ ওলাই গৈছে।

তেওঁ লগতে কয় যে হিজাব খুলি পুৰুষৰ মনোযোগ আকৰ্ষণ কৰাটো ৰাজহুৱাভাৱে উলংগ হোৱাৰ সমান। সাংসদ গৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰতিবাদী মহিলা সকল জাঙুৰ খাই উঠিছে।