বিশ্বকাপৰ পৰা নিজৰ দেশ বাহিৰ হোৱাত আনন্দ-উল্লাস কৰা ইৰাণৰ যুৱকক গুলীয়াই হত্যা

0
260

কাটাৰত চলি বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত এছিয়ান দেশ ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ১-০ গ’লত পৰাজিত হৈছিল। এই পৰাজয়ৰ পিছতে ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে উল্লাস-আনন্দত মতলীয়া হৈ পৰিছিল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এজন ২৭ বছৰীয়া যুৱকে এই উল্লাস প্ৰকাশৰ বাবে প্ৰাণ হেৰুওৱাৰ দৰে ঘটনাও সংঘটিত হৈছে।

ইৰাণৰ পৰাজয়ত উল্লাস প্ৰকাশ কৰাৰ বাবেই মেহৰান চামাক নামৰ এজন যুৱকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই ঘটনাটো পূব ইৰাণৰ আনজালি চহৰত সংঘটিত হৈছে।

জানিব পৰা মতে, মেহৰান আৰম্ভণিৰ পৰাই চৰকাৰ বিৰোধী আন্দোলনত গভীৰভাৱে জড়িত হৈ আছিল আৰু সেয়ে তেওঁক পৰিকল্পিতভাৱে ইৰাণৰ আৰক্ষী বাহিনীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, কাটাৰ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত নিজৰ অন্তিমখন মেচত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ১-০ গ’ত পৰাজিত হৈছিল। এই পৰাজয়ৰ লগে লগে ইৰাণ দলটোৰ অন্তিম ১৬ত প্ৰৱেশৰ বাটো ৰুদ্ধ হৈ যায়।

ইৰাণৰ দলটো এই প্ৰদৰ্শনত যথেষ্ট নিৰাশ হৈছিল যদিও তেওঁলোকৰ গৃহভূমিক দেখা গৈছিল ইয়াৰ এখন ওলোটা ছবি। দেশখনৰ একাংশ নাগৰিকে ৰাজপথলৈ ওলাই আহি পৰাজয়ৰ আনন্দ উল্লাস পালন কৰিছিল।

পৰাজয়ৰ আনন্দ উল্লাস পালন কৰা ছবি আৰু ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে বিগত তিনিমাহৰো অধিক সময় ধৰি দেশখনত চলি আছে চৰকাৰ বিৰোধী আন্দোলন। প্ৰতিবাদকাৰীসকলে ইৰাণ দলটোক বিশ্বকাপৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনাইছিল।

আন্দোলনকাৰীসকলে দাবী জনাইছিল যে ৰাছিয়াই ইউক্ৰেইনৰ লগত যি কৰি আছে ইৰাণ চৰকাৰেও ইয়াৰ নাগৰিকসকলৰ লগত একেই ব্যৱহাৰ কৰি আছে। সেয়ে যদি ৰাছিয়াক নিষিদ্ধ কৰিব পাৰে তেন্তে ইৰাণকো বিশ্বকাপৰ পৰা নিষিদ্ধ কৰা উচিত। অৱশ্যে ইৰাণৰ প্ৰতিবাদকাৰীসকলৰ দাবী মানি লোৱা নহ’ল আৰু ইৰাণৰ দলটোৱে বিশ্বকাপত অংশ লয়।