26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টকা লৈ পলাব খুজিছিল, খেদি খেদি আটক কৰিলে ইৰাণী গ্ৰুপৰ সদস্য,ৰাইজে দিলে উত্তম-মাধ্যম

    লংকাৰ SBI বেংকৰ লংকা শাখাত ইৰাণী গ্ৰুপৰ সন্ত্ৰাস।লংকাৰ ইব্ৰাহিম আলী নামৰ যুৱক এজনে লংকা SBI বেংকাৰ পৰা চল্লিশ হাজাৰ টকা লৈ অহাৰ সময়তে বেংকত আগতে খাপ পিতি থকা ইৰাণী গ্ৰুপৰ তিনি সদস্যই লোক জনৰ লগত প্ৰথমে কথা পাতে।

    তাৰপিছতেই কথা পতাৰ মাজতে ইৰাণীৰ এজন সদস্যই লোক জনৰ হাতৰ পৰা টকা লৈ পলাবলৈ চেষ্টা কৰে। পৰবৰ্তী সময়ত ভুক্তভোগী লোক জনে ইৰাণী গ্ৰুপটোৰ পিছে পিছে খেদি বংকৰ পৰা আধা কিঃমিঃ দুৰত্বত ইৰাণীৰ এজন সদস্যক আটক কৰিবলৈ সক্ষম হয়।

    ইৰাণীৰ দুজন সদস্য পলাবলৈ সক্ষম হয় যদিও এজনক আটক কৰি ৰাইজে উত্তম মাধ্যম শোধাই গতাই দিয়ে লংকা আৰক্ষীক। আটকাধীন ইৰাণী সদস্যজনৰ নাম কৃষ্ণ মাহতু বুলি জানিব পৰা গৈছে।ঘৰ বিহাৰত। বৰ্তমান ইৰাণী সদস্য জনক লংকা আৰক্ষীৰ জেৰা অব্যাহত আছে।

    ইনপুট: বিশ্বজিত চক্ৰৱৰ্তী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং