27 C
Guwahati
Sunday, September 26, 2021
More

    কেনে আছে অসম-মিজোৰাম সীমান্তত গুৰুতৰভাৱে আঘাতপ্ৰপ্ত আই পি এছ বিষয়া বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ

    কেনে আছে অসম-মিজোৰাম সীমান্তত গুৰুতৰভাৱে আঘাতপ্ৰপ্ত আই পি এছ বিষয়া বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ

    ক্ৰমাৎ সুস্থ হৈ উঠিছে অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিত আঘাতপ্ৰাপ্ত আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ।

    মিজোৰাম আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ বিমানযোগে মুম্বাইলৈ লৈ যোৱা হৈছিল।

    মুম্বাইৰ কোকিলাবেন আম্বানী হস্পিটেলত নিম্বলকাৰক ভৰ্তি কৰোৱাৰ পাছতে চিকিৎসকে তেওঁৰ শৰীৰৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে বহুকেইটা গুলি বাহিৰ কৰে।

    অস্ত্ৰোপচাৰৰ পাছত এতিয়া আই পি এছ বিষয়া গৰাকী ক্ৰমাৎ সুস্থ হোৱাৰ দিশে গতি কৰিছে বুলি জানিব পৰা গৈছে।

    লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে মুম্বাইত চিকিৎসাধীন হৈ থকা আৰক্ষী বিষয়া গৰাকীৰ ফটো সামাজিক মাধ্যমত আপলোড কৰি বৰ্তমান বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিয়াৰ লগতে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

    উল্লেখযোগ্য যে, ২৬ জুলাইত বিবাদমান অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ বৰ্বৰ গুলিচালনাত ছয় গৰাকীকলৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হয়।

    আই পি এছ বিষয়া বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰেও পাঁচটাকৈ গুলি গাত পাতি ল’বলগীয়া হৈছিল।

    আৰু পঢ়ক : অৰুণাচলত নিৰাপত্তাৰক্ষীৰ অভিযানত দুজন এন এছ চি এন-কে(ৱাই এ) উগ্ৰপন্থী নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং