23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিচিচিআইৰ সিদ্ধান্ত, কৰ’ণাৰ সংহাৰৰ বাবে স্থগিত আই পি এল

    বিচিচিআইৰ সিদ্ধান্ত, কৰ’ণাৰ সংহাৰৰ বাবে স্থগিত আই পি এল

    কৰণাৰ সংক্ৰমণৰ ঘটনা দিনে দিনে বৃদ্ধি পাই অহাত আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত। বিচিচিআই য়ে ল’লে এই বিশেষ সিদ্ধান্ত। বিগত কিছু দিনত আই পি এলৰ কেইবাটাও ক্ৰিকেট দলৰ সদস্যৰ মাজত কৰণা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল।

    যাৰ বাবেই বিচিচিআইয়ে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমানলৈকে আই পি এলত কেৱল ২৯ খন খেল হে খেলা গৈছিল। ৩০ সংখ্যক খেল খন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল।

    কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী আৰু সন্দীপ ৱাৰিয়াৰ সোমবাৰে কভিড পজিটিভৰূপে চিনাক্ত হোৱাৰ পিচতেই পিছুৱাই দিয়া হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে থকা তেওঁলোকৰ খেল ।

    আনহাতে KKR শিবিৰত কৰ’ণাৰ সংক্ৰমণ খবৰ লাভৰ কিছু সময় পিছতেই চেন্নাই চুপাৰ কিংছৰ বলিং প্ৰশিক্ষক লক্ষ্মীপতি বালাজী আৰু এজন বাছ চাফাই কৰ্মীও কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছিল ।

    আৰু পঢ়ক : মেট্ৰিক পৰীক্ষাৰ পিছত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও স্থগিত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং