
কেবৰ বিৰুদ্ধে জ্বলিছে এতিয়া সমগ্ৰ অসম। প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে অসমৰ বিভিন্ন প্ৰান্ত। প্ৰতিবাদকাৰীক ৰুধিবলৈ ঠায়ে ঠায়ে আৰক্ষীয়ে ব্যবহাৰ কৰিছে কন্দুৱা গেছ , লাঠীচাৰ্জ, ৰবৰ বুলেট, পানী আদি। ক্ৰমাৎ উত্তাল হৈ পৰা ৰাজ্যত প্ৰশাসনে ২৪ ঘণ্টালৈ বন্ধ ৰাখিব ইন্টাৰনেট সেৱা।

এই কথা সদৰি কৰিছে জিলা প্ৰশাসনে। আজি সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়া ৭ বজালৈ ইন্টাৰনেট ব্যাহত থাকিব গুৱাহাটীৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১০ খন জিলাত। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কামৰূপ(মেট্ৰ’) আৰু কামৰূপ জিলাত ব্যাহত থাকিব ইণ্টাৰনেট সেৱা। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, হোৱাটছ এপ, টুইটাৰ আৰু ইউটিউবত ভুৱা সম্প্ৰচাৰত বাধা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে।