শিৰাৰ সলনি চিকিৎসকে ধমনীত দিলে বেজি! যাৰ বাবে কাটিব লগা হ’ল হাত, ভাগিলে বিয়া

0
43772

শিৰাৰ সলনি চিকিৎসকে ধমনীত দিলে বেজি! যাৰ বাবে কাটিব লগা হ’ল হাত, ভাগিলে বিয়া

পাটনাৰ কংকৰবাগৰ মহাবীৰ আৰোগ্য সংস্থানত এগৰাকী নাৰ্ছৰ এক ডাঙৰ অৱহেলা পোহৰলৈ আহিছে। নাৰ্চৰ অৱহেলাৰ বাবেই শ্বেওহাৰৰ বাসিন্দা ৰেখা কুমাৰীয়ে তাইৰ এখন হাত হেৰুৱাব লগীয়া হয়।

দৰাচলতে ১১ জুলাইত কাণৰ অস্ত্ৰোপচাৰ কৰিবলৈ অহা ৰেখাক হাস্পতাল খনৰ এগৰাকী নাৰ্চে শিৰাৰ সলনি ধমনীত এটা বেজি দিয়ে।

যাৰ ফলত ৰেখাৰ হাতখন লাহে লাহে গেলিবলৈ আৰম্ভ কৰে।ৰেখাই চিকিৎসক তাইৰ হাতখনৰ অসুবিধা আৰু বিষৰ বিষয়েও কৈছিল।

কিন্তু সেই সময়ত কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্চে তেওঁৰ কথাত কোনো মনোযোগ দিয়া নাছিল আৰু তাৰ পৰিৱৰ্তে তাইক চিকিৎসালয়ৰ পৰা পঠাই দিয়াৰো ভাবুকি দিছিল।

ইয়াৰ পিছত ১২ আগষ্টত এইমছ আৰু পিএমচিএইচৰ দৰে চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ লৈ ৰেখাই পাটনাৰ মেদান্তা চিকিৎসালয়ত জীৱন ৰক্ষা কৰিবলৈ হাতখন কাটিব লগা হয়।

এই ঘটনাৰ পিছত যেতিয়া ৰেখাৰ পৰিয়ালৰ সদস্যসকলে এজাহাৰ দাখিল কৰিবলৈ কংকৰবাগ আৰক্ষী থানালৈ যায়,তেতিয়া আৰক্ষীৰ লোকে এজাহাৰখন লবলৈ অস্বীকাৰ কৰে।

জানিব পৰা মতে বৰ্তমান লৈকে আৰক্ষী থানাত ৰেখাৰ পৰিয়ালটোৱে দাখিল কৰা এজাহাৰ পঞ্জীয়ন কৰা হোৱা নাই। আনহাতে হাতখনৰ বাবে নৱেম্বৰত হ’ব লগা তেওঁৰ বিয়াখনো ভাগি যায়।