দেশবাসীৰ বাবে সুখবৰ।চীনৰ পৰা অনুপ্ৰেৰিত হৈ ভাৰতৰ প্ৰথমখন গ্লাছৰ উৰণীয়া সেঁতু।
সেতুৰ ওপৰৰ পৰা প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিলে বিহাৰৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰৰ ৰাজগিৰ নামৰ ঠাইত নিৰ্মাণ কৰি থকা গ্লাছৰ ভাৰতৰ প্ৰথমখন উৰণীয়া সেঁতুখনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

এই সেঁতুখনৰ দৈৰ্ঘ্য ৮৫ ফুট, ৬ ফুট বহল। একেসময়তে এই দলংখনত ৪০ জন লোক উঠিব পাৰিব।
নেছাৰ ছাফাৰি নামৰ প্ৰকল্পৰ অধীনত উক্ত সেতুখন নিৰ্মান কৰা হৈছে। দলংখনৰ লগতে এই স্থানত পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰ’প ৱেও নিৰ্মাণ কৰা হৈছে। এই দুৰ্গম ৰ’প ৱেৰে পৰ্যটকসকলে অহা যোৱা কৰিব পাৰিব।

এই ৰ’পৱেত ১৮ টা গ্লাছৰ কেবিন আছে,৮ জন পৰ্যটকে একেলগে এই দুৰ্গম পথেৰে ৫ মিনিটত ৭৫০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।

আনহাতে এই ঠাইত আয়ুৰবেদ পাৰ্ক, বাটাৰফ্লাই পাৰ্ক নামৰে বিভিন্ন দুঃসাহসিক খেল খেলিব পৰা উদ্যান নিৰ্মাণ কৰি থকা হৈছে। পৰ্যটকসকলে থাকিব পৰাকৈ কটেজৰ ব্যৱস্থাই উপলব্ধ হ’ব এই উদ্যানৰ ভিৰতৰত।
আৰু পঢ়ক : APSC ত ৰাজ্য খনৰ ভিতৰতে ৯৮ সংখ্যক স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে মৰিয়নীৰ মাচি তপ্নই