31 C
Guwahati
Tuesday, September 27, 2022
More

    পলাশবাৰীৰ চিয়াঁহী নিৰ্মাণ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড

    পলাশবাৰীৰ চিয়াঁহী নিৰ্মাণ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড। গুৱাহাটীৰ উপকণ্ঠৰ পলাশবাৰীৰ হুদলামপুৰত অৱস্থিত এই চিয়াঁহী উদ্যোগটো। নিশা প্ৰায় ১০.৩০ মান বজাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

    জানিব পৰা অনুসৰি, কণ্ট্ৰোল প্ৰিণ্ট নামৰ এটা চিয়াঁহী নিৰ্মাণ কাৰখানাত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

    ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে প্ৰায় চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয়। বহু সময় ধৰি চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

    ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি, জুইৰ উৎসক ৰাসায়নিক পাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। পাত্ৰটোৰ পৰা জুইৰ শিখা বিয়পি পৰিছিল আৰু দ্ৰুত হতিত ওচৰৰ অঞ্চলবোৰলৈো বিয়পি পৰিছিল।

    নিশাই উদ্যোগটোৰ পৰা কাষৰ আবাসিক এলেকালৈ জুই সম্প্রসাৰিত হোৱাৰ আশংকা বাসিন্দাসকলক সুৰক্ষিত দূৰত্বলৈ স্থানান্তৰ কৰে আৰক্ষীয়ে। অৱশ্যো কোনো লোকৰে এই অগ্নিকাণ্ডৰ ফলত মৃত্যু বা আঘাতৰ খবৰ পোৱা হোৱা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং