হায়ৰে সমাজ, পুনৰ ব্ৰাহ্মণ সমাজৰ অনিয়ম আৰু অমানবীয় সিদ্ধান্তৰ বলি এটা পৰিয়াল

0
574

হায়ৰে সমাজ, পুনৰ ব্ৰাহ্মণ সমাজৰ অনিয়ম আৰু অমানবীয় সিদ্ধান্তৰ বলি এটা পৰিয়াল। এঘৰীয়া কৰা লোকক মাতি প্ৰসাদ খাবলৈ দিয়াৰ বাবেই এঘৰীয়া হ’ল আন এঘৰ মানুহ। দৰং জিলাত পুনৰ সংঘটিত হ’ল আধুনিক মানৱসমাজক লজ্জানত কৰা ঘটনা।

সমাজে পূৰ্বে এঘৰীয়া কৰা এখন ঘৰৰ এগৰাকী ব্যক্তিক ঘৰলৈ মাতি পুজাৰ প্ৰসাদ খাবলৈ দিয়াৰ অপৰাধতে সমাজে সমাজচ্যুত কৰিলে প্ৰসাদ খাবলৈ দিয়া পৰিয়ালটোকো।

আনকি  ব্ৰাহ্মণ সমাজে এক পত্ৰও প্ৰেৰণ কৰিছে পৰিয়ালটোলৈ। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে দৰঙৰ  ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ  ২ নং ঘোঁৰাশাল গাঁৱত।

গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তি গৰাকীৰ ঘৰত পূজা উপলক্ষে বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি থোৱা ব্যক্তি এগৰাকী পৰিয়ালটোৰ ঘৰত পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো ৷

দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ  ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমুহৰ বাসগৃহত কোনো অনুস্থানতে ভাগ লব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়াল।

পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত আছে ৷

ইপিনে পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী দীনেশ শৰ্মা বিগত এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ  থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।

কিন্তু বৰ্তমানে উক্ত ঘটনাটোৰ পিছত ৰাইজে মহিলা গৰাকীক দিন হাজিৰাৰ বাবে বিছৰা নাই ৷ যাৰ ফলত নিজৰ সমাজ খনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ মানসিক ভাবে ভাবে ভাগি পৰিছে পৰিয়ালটো।

Input and Photo – Kishor Kalita