ঘাইপথত গাড়ী ৰখাই ৰিল বনাই আৰক্ষীৰ ৰোষত এগৰাকী মহিলা; বিহিলে বৃহৎ পৰিমাণৰ জৰিমনা

0
1

ছ’চিয়েল মিডিয়াৰ এগৰাকী জনপ্ৰিয় মহিলাই ঘাইপথত ৰিল বনাবলৈ গাড়ী ৰখোৱাৰ বাবে গাজিয়াবাদ আৰক্ষীয়ে মহিলাগৰাকীক ১৭ হাজাৰ টকাৰ জৰিমনা বিহিছে।

ইনষ্টাগ্ৰামত ৬.৫ লাখৰো অধিক ফ’ল’ৱাৰ থকা বৈশালী চৌধুৰী খুটাইলে পথত ৰখাই থোৱা গাড়ীৰ কাষত প’জ দিয়া দেখা গৈছে। বিপদজনকভাৱে ৰিল বনাই থকাৰ সময়তে তেওঁৰ কাষেৰে কেইবাখনো বাহন পাৰ হৈ যায়।

এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছত ছ’চিয়েল মিডিয়াত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হোৱাত যান-বাহন আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কয় যে ছাহিবাবাদত সংঘটিত এই ঘটনাৰ তদনেত চলাই থকা হৈছে।

‘ঘাইপথত ৰীল বনোৱা ছোৱালীজনীৰ বিৰুদ্ধে আগতীয়াকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উক্ত গাড়ীখনক যান-বাহন আৰক্ষীয়ে ১৭ হাজাৰ টকাৰ চালান দিছে’, ছাহিবাবাদৰ সহকাৰী আৰক্ষী আয়ুক্তই জানিব দিয়ে।

উল্লেখ্য যে, যোৱা বছৰৰ ডিচেম্বৰ মাহত দিল্লীৰ ৰাজপথত কাৰ ষ্টান্ট কৰাৰ বাবে এজন ইনষ্টাগ্ৰামত জনপ্ৰিয় যুৱকক জৰিমনা বিহিছিল।