হৃদয়বিদাৰক! শিৱসাগৰৰ নামতিত নৱজাতক উদ্ধাৰ

পথৰ দাঁতিত এটা মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হ’ল এটি নৱজাতক

0
446

নিষ্ঠুৰতাৰ সীমা চেৰাই জন্মদাত্ৰী মাতৃয়ে নিজৰ ফুল কুমুলীয়া সন্তানক দলিয়াই থৈ গ’ল শিৱসাগৰৰ নামতিৰ পথৰ দাঁতিত!

পথৰ দাঁতিত এটা মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হ’ল এটি নৱজাতক। গণক গাঁও নামঘৰৰ সন্মুখত উদ্ধাৰ হয় কণমানিটি। এটা বেগৰ ভিতৰত বুধবাৰে পুৱা এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে সদ্যোজাত শিশুটি। স্থানীয় লোকে নৱজাতকটিক কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়।

আনহাতে এই ঘটনাক নামতিৰ স্থানীয় লোকসকলে তীব্ৰ ভাষাৰে নিন্দা কৰে।